ASSAM TIMES POST
নিউজ ডেস্ক
ৰে’লৰ ট্ৰেলাৰত লুকাই অসমৰ পৰা ৰাজস্থানলৈ যোৱাৰ পথত ধৰা পৰিল ৮৮ জন শ্ৰমিক৷ এই শ্ৰমিককেইজনক পশ্চিম বংগৰ আৰক্ষীয়ে ট্ৰেইলাৰতে অসমলৈ ঘুৰাই পঠিয়ায়৷ দেওবাৰে পুৱা ঘটনাটো ঘটে পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ ফালাকাটা মুক্তিবাৰী এলেকাত৷ আৰক্ষী সূত্ৰই সদৰি কৰা মতে এছিয়ান হাইৱেটত ৰে’লখন চালকে ৰাখে৷
সেই সময়ত এলেকাৰ মানুহে দেখিবলৈ পায় যে ট্ৰেইলাৰৰ ভিতৰত কেইজনমান মানুহ আছে৷ তাকে দেখি স্থানীয় লোকসকলৰ সন্দেহ হয়৷ তাৰ পাছত স্থানীয় লোক কাষলৈ গৈ দেখে যে ট্ৰেইলাৰখনৰ ভিতৰত মানুহ বহি আছে৷ মানুহবোৰে তাতে বিচনাও পাৰি লয়৷
ইয়াৰ পাছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ট্ৰেইলাৰখন তালাচী কৰি ৮৮ জন হিন্দীভাষী শ্ৰমিকক উদ্ধাৰ কৰে৷ এই শ্ৰমিকসকল ৰাজস্থান আৰু হাৰিয়ানাৰ বাসিন্দা৷ তেওঁলোকে গুৱাহাটীত কাম কৰিছিল৷ লকডাউনত বন্দী হৈ থকাত শ্ৰমিকসকলে এই ট্ৰেইলাৰৰ জৰিয়তে পলাবলৈ চেষ্টা কৰিছিল৷










