ASSAM TIMES POST
নিউজ ডেস্ক
যোৱা তিনিটা দহক ধৰি আৰ এছ এছ আৰু চি পি এমৰ মাজত হোৱা ৰাজনৈতিক সংঘৰ্ষত কেৰালাৰ কান্নুৰ জিলাত কমেও দুশ লোকৰ মৃত্যু হৈছিল৷ দুয়োটা দলৰ মতাদৰ্শ পৃথক৷ কিন্তু কান্নুৰত এতিয়া কান্ধত কান্ধ মিলাই কাম কৰিছে চিপিএম, আৰ এছ এছ৷ এই দুয়োটা দলৰ লগত একেলগ হৈছে কংগ্ৰেছৰ সমৰ্থক৷ লকডাউনৰ সময়ত যাতে সাধাৰণ মানুহ খোৱাৰ ক্ষেত্ৰত অভাৱত নপৰে তাকে নিশ্চিত কৰিবলৈ যৌথভাৱে কমিউনিটি কিটছেন চলাইছে এই তিনিটা সংগঠনে৷

চিপিএম-আৰএছএছ-কংগ্ৰেছৰ ঐক্যৰ ছবি সাধাৰণতে দেখিবলৈ পোৱা গৈছে কান্নুৰৰ থালাছেৰী নামৰ উপকূলীয় নগৰখনত৷ এই নগৰতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসস্থান৷ চিপিএমৰ ৰাজ্যিক সম্পাদক কোদিয়াৰি বালাকৃষ্ণণ আৰু কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলিধৰণ এই নগৰতে থাকে৷
উল্লেখ্য যে গাঁও পঞ্চায়ত দখলৰ বাবে এই এলেকাত ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ আগেয়ে আৰএছএছ আৰু চিপিএমৰ মাজত বহু সংঘৰ্ষ হৈছিল৷ এতিয়া এই থালাছেৰীতে চিপিএমৰ যুৱ সংগঠন ডিৱাইএফআই, আৰএছএছৰ যুৱ সংগঠন সেৱা ভাৰতী আৰু যুৱ কংগ্ৰেছৰ কৰ্মী দুৰ্গতৰ বাবে একেলগে কাম কৰিছে৷ জিলা সহকাৰী কালেক্টৰ আছিফ কে ইউছুফে এই তিনি বিৰোধী সংগঠনক এটা ছাটিৰ তললৈ আনিছে৷ এই সমন্বয়ত তিনিটা সংগঠনে কাম কৰিছে৷
থালাছেৰীৰ বিধায়ক এন শামছেৰে কয়, এতিয়া ৰাজনীতি কৰাৰ সময় নহয়৷ আমাৰ মুখ্যমন্ত্ৰীয়ে সকলোকে একেলগ হৈ এই কমিউনিটি কিছেন চলাবলৈ নিৰ্দেশ দিছে৷ এতিয়া আমাৰ লক্ষ্য দৰিদ্ৰসকলক খোৱাৰ ব্যৱস্থা কৰা৷স্থানীয় বিজেপি নেতা এম পি সুমেশে কয়, দৰিদ্ৰক খাবলৈ দিয়াটো আমাৰ জাতীয় কৰ্মসূচী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে, এই কঠিন সময়ত প্ৰত্যেকে প্ৰত্যেকক সহায় কৰাটো শ্ৰেয়৷ আনহাতে কেৰালাৰ এই ঐক্যৰ ছবি আন ৰাজ্যৰ আৰু ৰাজনৈতিক নেতাৰ কাৰণে উদাহৰণ হ’ব পাৰে বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে৷











