ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনৰ বাধা-নিষেধ মানিবই লাগিব। নহ’লে পাব চৰম শাস্তি, সেয়া দেশী হওক বা বিদেশী। নিয়ম সকলোৰে বাবে সমান। সেয়ে লকডাউনৰ নিয়ম অমান্য কৰাত ভাৰতৰ উত্তৰাখণ্ডত শাস্তি স্বৰূপে ৫০বাৰ sorry লিখাৰ দণ্ড পালে ১০ বিদেশী পৰ্যটকে। অতিথি বুলি সকলোতে ৰেহাই নাই, সেই কথা যেন স্পষ্টকৈ বুজাই দিলে উত্তৰাখণ্ড প্ৰশাসনে।
জানিব পৰা মতে, লকডাউনৰ নিয়ম ভাঙি উত্তৰাখণ্ডৰ তপোবন অঞ্চলত গঙ্গাৰ বতাহ খাবলৈ ওলাই আহিছিল ১০জন বিদেশী পৰ্যটক। তেনেতে লাঠি ডাঙি বাট ভেটা দিয়ে কেইজনমান আৰক্ষীয়ে। প্ৰথমে লকডাউনৰ গুৰুত্ব আৰু নিয়মবোৰ বুজোৱাৰ চেষ্টা কৰা হয়।
তাৰ পিছতে নিয়ম ভংগ কৰাৰ বাবে শাস্তি প্ৰদান কৰা হয়। শাস্তি পিচে কঠোৰ নহয়। গঙ্গাৰ পাৰত বহি প্ৰতিজন পৰ্যটকে কাগজত কমেও ৫০বাৰকৈ লিখিবলগা হয়, “আমি লকডাউনৰ নিয়ম মানা নাই। সেইবাবে খুবেই দুঃখিত। sorry।”










