ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে মূল হাতিয়াৰ সামাজিক দূৰত্বক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে স্থায়ীভাৱে লকডাউনৰ সময়ত মদ আৰু ধঁপাত জাতীয় পদাৰ্থৰ বিক্ৰী নিষিদ্ধ কৰিছে।ক’ৰ’ণা ভাইৰাছ ৰ সংক্ৰমণ যাতে কোনো পধ্যেই বিয়পি নপৰে তাৰ বাবেই চৰকাৰৰ এই উদ্যোগ।
বুধবাৰে প্ৰকাশিত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত কাৰ্যকৰীযোগ্য নিৰ্দেশনাৰ তালিকাত কোৱা হৈছে, চৰকাৰে মদ, ধঁপাত জাতীয় পদাৰ্থ আৰু গুটখাৰ বিক্ৰী নিষিদ্ধ কৰিছে। নিৰ্দেশনাত এইটোও কোৱা হৈছে যে প্ৰকাশ্যে যদি কোনোৱে ৰাজহুৱা স্থানত থু পেলায় তেতিয়া জৰিমনা বিহা হ’ব।










