ASSAM TIMES POST
নিউজ ডেস্ক
দক্ষিণ দিল্লীত ঘৰি ঘৰে পিৎজা দিয়া ১৯ বছৰীয়া কিশোৰ এজন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে৷ তেওঁৰ তেজৰ নমুনা পৰীক্ষাৰ পাছত এই কথা জানিব পৰা গৈছে৷ ইতিমধ্যে তেওঁক ৰামমনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে৷
আনহাতে তেওঁ পিৎজা দিয়া ৭২ টা পৰিয়ালক “হ’ম কোৱাৰেণ্টাইন”লৈ পঠোৱা হৈছে৷ এই পৰিয়ালবোৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে৷ উল্লেখ্য যে দিল্লীত ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত ১,৫৭৮ জন৷ আনহাতে ক’ৰ’ণাত আক্ৰান্ত হৈ ৩০ জনৰ মৃত্যু হৈছে৷ আৰক্ষীয়ে জনোৱা মতে যোৱা ১২ এপ্ৰিল পৰ্যন্ত দুসপ্তাহ ধৰি কিশোৰটিয়ে দক্ষিণ দিল্লীৰ বিভিন্ন এলেকাৰ ৭২ টা পৰিয়ালত পিৎজা দিছিল৷
এই কিশোৰটি কেতিয়াও দিল্লীৰ বাহিৰলৈ যোৱা নাছিল৷ সেয়ে কোনো লোকক পিৎজা দিবলৈ গৈ কিশোৰটি সংক্ৰমিত হয় বুলি প্ৰকাশ৷ জানিব পৰা মতে এই কিশোৰটিৰ সংস্পৰ্শলৈ আহিছিল ২০ টি কিশোৰ৷ এই সকলোকে কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে৷











