ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্ব স্বাস্থ্য সংস্থাৰ বিৰুদ্ধে অলপতে গৰজি উঠে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷ মাৰ্কিন ৰাষ্ট্ৰপতিজনে কৈছিল, চীনৰ প্ৰতি পক্ষপাতপুষ্ট বিশ্ব স্বাস্থ্য সংস্থা৷ ফলত বিশ্বজুৰি ক’ৰ’ণা সংক্ৰমিত হৈ প্ৰতিৰোধ কৰিব পৰা অৱস্থা নোহোৱা হ’ল৷ এই অভিযোগ কৰি মাৰ্কিন ৰাষ্ট্ৰপতিয়ে দেশখনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থালৈ দিয়া অৰ্থ সাহায্য বন্ধ কৰা দিয়াৰ কথা জনায়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটৰ মতে বিশ্ব স্বাস্থ্য সংস্থালৈ আৰ্থিক সাহায্যৰ ১৪.৬৭ শতাংশই দিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷

এয়া হ’ল বিশ্ব স্বাস্থ্য সংস্থাক পৃথিৱীৰ সকলো দেশে দিয়া ধনৰ পৰিমাণৰ ভিতৰত সৰ্বাধিক৷ উল্লেখ্য যে সকলো দেশেই বিশ্ব স্বাস্থ্য সংস্থাক সাহায্য দিয়ে৷ কিন্তু এই সাহায্যৰ তালিকালৈ লক্ষ্য কৰিলে দেখা যায় তালিকাৰ একেবাৰে তলত আছে চীন৷ চীনৰ তুলনাত দুগুণতকৈ বেছি সহায় কৰে ভাৰতে৷ আনকি পাকিস্তানৰ আৰ্থিক সাহায্য চীনতকৈ বেছি৷ কেৱল সেয়াই নহয়, বহু স্বেচ্ছাসেৱী সংগঠনেও বিশ্ব স্বাস্থ্য সংস্থাক সহায় কৰে৷ এতিয়া দেখা যাওক কোন কোন উৎসৰ পৰা কিমান পৰিমাণৰ অৰ্থ সাহায্য বিশ্ব স্বাস্থ্য সংস্থাই পায়৷
উল্লেখ্য যে ৰাষ্ট্ৰসংঘই বিশ্ব স্বাস্থ্য সংস্থা ১৯৪৮ চনৰ ৭ এপ্ৰিলত জন্ম দিছিল৷ তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাক বাৰ্ষিক ৬২০ কোটি ডলাৰ সাহায্য কৰিছিল আমেৰিকাই৷ সাহায্যৰ দ্বিতীয় স্থানত আছে বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচন৷ বিশ্ব স্বাস্থ্য সংস্থাক বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচনে বাৰ্ষিক ৯.৭৬ শতাংশ দিয়ে৷ ৮.৩৯ শতাংশ সাহায্য দিয়ে গেভী এলায়েন্সে৷ জেনেভাৰ এই সংস্থাই কাম কৰে পিপিপি মডেলৰ৷
ৰাষ্ট্ৰ হিচাপে আমেৰিকাৰ পাছত সাহায্য দিয়া দেশ হ’ল ব্ৰিটেইন৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুঠ বাজেটৰ ৭.৭৯ শতাংশ দিয়ে এইখন দেশে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্ষিক বাজেটৰ ৫.৬৮ শতাংশ দিয়ে জাৰ্মানীয়ে৷ বিশ্বত আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানী এই তিনিখন দেশে বিশ্ব স্বাস্থ্য সংস্থাক ৫ শতাংশৰ বেছি আৰ্থিক সাহায্য কৰে৷ ৰাষ্ট্ৰসংঘৰ আন এটা শাখা ইউ এন অফিচ ফৰ দ্যা ক’অ’ডিনেছন অব হিউমেনিটেৰিয়ান এফেয়াৰ্ছেও বৃহৎ পৰিমাণৰ সাহায্য দিয়ে বিশ্ব স্বাস্থ্য সংস্থাক৷
বাৰ্ষিক ৫ শতাংশৰ বেছি দিয়ে এই সংগঠনে৷ বিশ্ব স্বাস্থ্য সংস্থাক সাহায্য দিয়াৰ ভিতৰত ৩.৪২ শতাংশ বিশ্ব বেংক, ৰ’টাৰী ইণ্টাৰনেচনেলে ৩.৩৩ শতাংশ আকু দ্যা ইউৰোপীয়ান কমিছনে ৩.৩ শতাংশ দিয়ে৷ ৰাষ্ট্ৰৰ তালিকাত জাপানে ২.৭ শতাংশ দিয়ে৷ মন কৰিব লগা যে চীনে বিশ্ব স্বাস্থ্য সংস্থাক বাৰ্ষিক সাহায্যৰ নামত দিয়ে মাত্ৰ ০.২১ শতাংশ৷ চীনৰ তুলনাত ভাৰত দিয়ে দুগুণতকৈও অধিক৷ ভাৰতে বাৰ্ষিক সাহায্য প্ৰায় ০.৪৮ শতাংশ দিয়ে৷ ভাৰতৰ প্ৰায় সমান দিয়ে ফ্ৰান্সে৷ ফ্ৰান্সৰ পৰা সাহায্য দিয়ে ০.৫ শতাংশ৷ আনহাতে চীনৰ তুলনাত পাকিস্তানেও বহু বেছি সহায় কৰে বিশ্ব স্বাস্থ্য সংস্থাক৷ পাকিস্তানৰ বার্ষিক অর্থ সাহায্যৰ ০.৩৬ শতাংশ৷










