ASSAM TIMES POST
নিউজ ডেস্ক:
এটা দিনত মৃত্যুৰ সকলো ৰেকৰ্ড ভংগ কৰিলে ক’ৰ’ণাভাইৰাছে। বৃহস্পতিবাৰে পুৱাৰ পৰা শুকুৰবাৰে পুৱা পৰ্যন্ত মৃত্যু হৈছে ১১ হাজাৰ লোকৰ। একেসময়তে নতুনকৈ আক্ৰান্ত হৈছে প্ৰায় ১ লাখ মানুহ।
আনহাতে, শুকুৰবাৰে পুৱা পৰ্যন্ত ক’ৰ’ণাত বিশ্বব্যাপী মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছিল ১ লাখ ৪৫ হাজাৰ ৫২১জনলৈ আৰু আক্ৰান্তৰ সংখ্যা আছিল ২১ লাখ ৮২ হাজাৰ ১৯৭জন। ইয়াৰ লগতে ৫ লাখ ৪৭ হাজাৰ ২৯১জন সুস্থ হৈছিল।











