ASSAM TIMES POST
নিউজ ডেস্ক:
মুম্বাইত ২১ জন নৌ সেনাৰ দেহাত ক’ভিড-১৯ পজিটিভ ধৰা পৰিল৷ এই আক্ৰান্ত নৌ সেনাসকলক নৌ সেনাৰ চিকিৎসালয় আইএনএইচএছ-অশ্বিনীত কোৱাৰেণ্টাইনত ৰখা হৈছে৷ নৌ সেনাৰ সূত্ৰৰ খবৰ মতে যি ২১ জনৰ ৰিপ’ৰ্ট পজিটিভ পোৱা গৈছে তেওঁলোকৰ মাজত ২০ জনৰ শৰীৰত ক’ৰ’ণাৰ কোনো উপসৰ্গ ধৰা পৰা নাই৷

কিন্তু যোৱা ৭ এপ্ৰিলত তেওঁলোকৰ মাজৰ এজনৰ দেহাত ক’ৰ’ণাৰ উপসৰ্গ ধৰা পৰে৷ তাৰ পাছতে এই ঘাঁটিত থকা আন ২০ জন নৌ সেনাৰ শাৰীৰিক পৰীক্ষা কৰা হয়৷ ৰিপ’ৰ্টত প্ৰত্যেকৰে পজিটিভ ধৰা পৰে৷ এই ঘটনাৰ পাছতে এই নৌ ঘাঁটিত আতংকৰ সৃষ্টি হয়৷
এক বিবৃত্তিত আজি নৌ সেনাৰ তৰফৰ পৰা জনায় যে সংক্ৰমণৰ কথাটো জনাৰ লগে লগে আইএনএইচএছ-অশ্বিনীলৈ সকলোকে কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ নৌ সেনাই লগতে জনায় যে আক্ৰান্তসকলৰ সংস্পৰ্শলৈ কোন গৈছিল সেইসকলক চিনাক্ত কৰাৰ চেষ্টা চলিছে৷ আশংকা কৰা হৈছে আক্ৰান্তৰ সংখ্যা অধিক হ’ব৷










