ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰ’ণাভাইৰাছে প্ৰাণ কাঢ়িলে লুধিয়ানাৰ সহকাৰীৰ আৰক্ষী আয়ুক্ত অনিল কোহলি।চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে আৰক্ষীৰ বিষয়া গৰাকীৰ।পাঞ্জাৱৰ লুধিয়ানাৰ এছপিএছ হাস্পতালত মৃত্যু হৈছে ৫২বছৰীয়া আৰক্ষীৰ বিষয়া গৰাকীৰ।এই কথা প্ৰকাশ কৰিছে লুধিয়ানাৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ে।
উল্লেখ লকডাউনৰ সময়ত আৰক্ষীৰ বিষয়া গৰাকীৰ কৰ্তব্যত থাকোতে গাত ধৰা পৰিছিল ক’ৰ’ণা উপস্থিতি।তাৰ পিছতে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।কিন্তু শুক্ৰবাৰৰ পৰা স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছিল আৰক্ষী বিষয়া কৌহলি।
ইফালে পঞ্জাৱ চৰকাৰে প্লাজমা থেৰাপী জৰিয়তে শীর্ষ আৰক্ষীৰ বিষয়া গৰাকীক সুস্থ কৰি তোলাৰ বাবে চিকিৎসা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও তাৰ পূৰ্বে মৃত্যু হয় তেওঁ।পঞ্জাৱ পুলিচত বিগত ৩০বছৰ ধৰি কৰ্মৰত আছিল বিষয়াগৰাকী পৰিয়ালৰ সদস্য সকলক ৰখা হৈছে কোৱাৰেণ্টাইত।











