ASSAM TIMES POST
নিউজ ডেস্ক:
তেওঁ আদেশ নিদিলে যেন গছৰ পাত এটাও নসৰে উত্তৰ কোৰিয়াত। সেই দেশেই আপাতত ক’ৰ’ণা সংক্ৰমিত ৰোগীৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। উল্লেখযোগ্য যে বিগত ডিচেম্বৰৰ পিচতেই এই মাৰণ ভাইৰাছ বিয়পিছে। কিন্তু পাঁচ মাহৰো অধিক সময় পিছত মুখ খুলিছে কিম জং উনৰ চৰকাৰে।
এই প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াত এই ভাইৰাছ সংক্ৰমণৰ কথা স্বীকাৰ কৰিছে কিম প্ৰশাসনে।উল্লেখযোগ্য যে চীনৰ প্রতিবেশী ১৪খন দেশৰ ভিতৰত একমাত্ৰ উত্তৰ কোৰিয়াই ক’ৰ’ণা অৱস্থান সম্পৰ্কে পূৰ্বৰ পৰাই নীৰৱ আছিল। বিভিন্ন দিশ বিশ্লেষণ কৰি আন্তৰ্জাতিক মহলে দাবী কৰিছিল যে উত্তৰ কোৰিয়াত ক’ৰ’ণাই বৃহৎ আকাৰ ধাৰণ কৰিছে।
মহামাৰী প্ৰতিৰোধত নিষ্ঠুৰ উপায় অৱলম্বন কৰি কেইবাজনকো গুলী কৰি হত্যা কৰাৰ খবৰো প্ৰকাশ হৈছিল। কিন্তু এই বিষয়ত নীৰৱ আছিল কিমৰ চৰকাৰ। ফলত ওচৰত উত্তৰ কোৰিয়াক লৈ সৃষ্টি হয় জটিলতাৰ।
অৱশেষত শুকুৰবাৰে বিভিন্ন সংবাদ সংস্থাৰ প্ৰতিবেদন আৰু পিয়ংইয়ঙৰ পৰা অহা খবৰত কোৱা হৈছে, ক’ৰ’ণা ৰোগীৰ সন্ধান পোৱা গৈছে এই দেশত। কিন্তু ইয়াৰ পূৰ্বে দেশত কোনো ক’ৰ’ণা ৰোগী নাই বুলিয়েই জনাইছিল কিমৰ একনায়ক চৰকাৰে।











