ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক ক’ৰ’ণা ভাইৰাছ বিশ্বজুৰি মহামাৰীত পৰিণত কৰাৰ কাৰণে এইবাৰ চীনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে এজন ভাৰতীয় অধিবক্তাই৷ আশিষ ছোহানী নামৰ মুম্বাইৰ বাসিন্দা অধিবক্তাজনে আন্তৰ্জাতিক ফৌজদাৰী আদালতত চীনৰ বিৰুদ্ধে কৰা ৩৩ পৃষ্ঠাৰ গোচৰটো ভাৰত চৰকাৰৰ হৈ চীনৰ ওচৰত ১৯০ লাখ কোটি টকাৰ ক্ষতিপূৰণ হিচাপে দাবী কৰিছে৷
আন্তৰ্জাতিক ফৌজদাৰী আদালতত কৰা আবেদনত তেওঁ লিখিছে, মানৱতাৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ, য’ত মানুহৰ এই যুদ্ধত প্ৰাণ গৈছে৷ যি পৰিমাণৰ আৰ্থিক ক্ষতি হৈছে সকলো দেশৰ বাবে চীনৰ শাস্তি হোৱা উচিত৷ ২০১৯ চনৰ ৩১ ডিচেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই চীনক ইংগিত দিছিল যে নিউমোনিয়াৰ দৰে এটা অসুখে দ্ৰুতগতিতত চীনৰ উহান বিয়পি পৰিছে৷
উহানৰ বন্যপ্ৰাণীৰ মাংস বজাৰৰ পৰা এই বীজাণু বিয়পিছে৷ প্ৰথমে পশুৰ শৰীৰত, তাৰ পাছত মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছে৷ উহানৰ এই বজাৰ এই বছৰৰ পহিলা জানুৱাৰীৰ পৰা বন্ধ কৰি দিয়া হৈছে৷ কিন্তু আবেদন পত্ৰত ছোহানীৰ অভিযোগ, চীনে নিজ দেশৰ এইসকল মানুহৰ ওপৰতে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে যিটোৰে সকলোকে এই ৰোগ সম্পৰ্কে সচেতন কৰিব লাগিছিল৷ চীনে ইচ্ছা কৰিয়ে মানৱতাৰ প্ৰতি নিজৰ দায়িত্ব অবহেলা কৰিছে আৰু আন্তৰ্জাতিক স্বাস্থ্য বিধি উলংঘন কৰিছে বুলিও অধিবক্তাজনে অভিযোগ কৰে৷










