ASSAM TIMES POST
নিউজ ডেস্ক:
বিশ্বজুৰি যেন ক্ৰমাৎ তীব্রহে হ’ব ধৰিছে ক’ৰ’ণা ৰ আক্ৰমণ। দিন যিমানেই অতিবাহিত হৈছে, সিমানেই যেন পৰিস্থিতি অধিক বেয়াৰ দিশলৈ আগবাঢ়িছে আমেৰিকা, ইটালী, স্পেইনৰ। আমেৰিকাত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ৪০ হাজাৰ।

এটা দিনতে মৃত্যু হৈছে প্ৰায় ২০০০। আক্ৰান্তৰ সংখ্যা ওচৰ চাপিছে ৮ লাখৰ। ইয়াৰ মাজতে কালি লকডাউন উঠাই লোৱাৰ দাবীত ৱাছিংটনৰ ৰাজপথত নামে প্ৰায় ২৫০০ নাগৰিক।ইফাল কৰণাত যেন কাবু হৈ পৰিছে ইউৰোপ পৰ্যটন, উৎপাদন, উদ্যোগসহ বিভিন্ন খণ্ডত ক’ৰ’ণা ৰ ফলত হোৱা লোকচানৰ খতিয়ান দাঙি ধৰি চীনৰ পৰা ৩ হাজাৰ কোটি পাউণ্ডৰ ক্ষতিপূৰণ দাবী কৰিছে জাৰ্মানীয়ে।











