ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা আতংকত ত্ৰস্ত বিশ্ব। ইউৰোপ আৰু আমেৰিকাজুৰি চলিছে মৃত্যু মিছিল। ভাঙি পৰিছে অৰ্থনীতি। কিন্তু প্রাণঘাটী ক’ৰ’ণা ই এতিয়াও যেন ধ্বংস ৰথৰ গতি কমোৱাৰ নামেই লোৱা নাই। ভয়ানক পৰিস্থিতি দেখুৱাবলৈ যেন এতিয়াও বাকী। জনালে বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল টেডৰোজ আধানালে।
তেওঁ অৱশ্যে এই কথা স্পষ্ট কৰা নাই যে কিয় তেওঁৰ ভাব হয় ২.৫ মিলিয়ন মানুহক সংক্ৰমিত কৰাৰ পিছত আৰু ডেৰ লক্ষ মানুহৰ মৃত্যুৰ পিছতো কিয় পৰিস্থিতি এতিয়াও ভয়ানক নহয়। কিয় এই প্ৰাদুৰ্ভাৱ আৰু বেয়া হ’ব পাৰে। ইফালে ক’ৰ’ণা ভাইৰাছৰ ভয়াৱহতা বুজাবলৈ WHO ৰ সচিবে স্পেনিছ ফ্লুৰ কথা উল্লেখ কৰাৰ কথা জনায়।
তেওঁ কয়, ১৯১৮ চনত এই ফ্লুত বিশ্বৰ প্ৰায় ১০ কোটি মানুহৰ মৃত্যু হৈছিল। ক’ৰ’ণা ও তাতকৈ কম ভয়াৱহ নহয়। কিন্তু বৰ্তমান মানুহ যথেষ্ট উন্নত। বিপর্যয়ক নিয়ন্ত্ৰণলৈ অনাৰ ক্ষমতা আছে মানুহৰ। কিন্তু তৎসত্তেও এতিয়াও মানুহে ক’ৰ’ণা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। পৰিস্থিতি অধিক শোচনীয় হ’ব।











