ASSAM TIMES POST
নিউজ ডেস্ক:
শাস্তি হিচাপে চাবুক মৰা বন্ধ হৈছে ছৌদি আৰবত। দেশখনৰ উচ্চতম ন্যায়ালয়ৰ সূত্রে এই খবৰ পোৱা গৈছে৷ কেৱল চাবুক মৰাই নহয়, চুৰিৰ শাস্তিত হাত কাটি দিয়া, হত্যা বা সন্ত্রাসবাদৰ বাবে মুৰ কাটি দিয়াৰ দৰে মধ্যযুগীয় প্রথা এতিয়াও প্রচলিত ছৌদি আৰবত৷
সম্প্রতি ৰজা ছলমন আৰু যুৱৰাজ মহম্মদ বিন ছলমনে মানবাধিকাৰ সংক্রান্তত সংস্কাৰ আনিছে, তাতেই চাবুক মৰা বন্ধ কৰাৰ কথা কোৱা হৈছে। ছৌদি আৰবৰ উচ্চতম ন্যায়ালয়ৰ পৰা পোৱা তথ্যত এই কথা প্ৰকাশ৷ এই খবৰ প্রকাশ কৰিছে আন্তর্জাতিক সংবাদ মাধ্যম দ্য গার্ডিয়ানে৷ সংবাদ মাধ্যমৰ সূত্র মতে, চাবুক মৰাৰ সলনি সম্ভৱত শাস্তি হিচাপে কাৰাদণ্ড অথবা জৰিমানা বা দুটোই একেলগে হ’ব।
চৰকাৰীভাৱে এতিয়াও একো নজনালেও এই মাহত ইয়াক লৈ সিদ্ধান্ত ল’ব উচ্চতম ন্যায়ালয়ৰ জেনেৰেল কমিছনে৷ সামান্য অপৰাধৰ কাৰণে যিদৰে চাবুক মৰা হয়, তাৰ বিৰুদ্ধে বহুবাৰ প্রতিবাদ কৰিছে মানবাধিকাৰ সংগঠনবোৰে।
ছৌদি আৰবৰ মানবাধিকাৰ কমিছনৰ সভাপতি আৱাদ আলাৱাদে কয়, দেশৰ মানবাধিকাৰ ৰক্ষাৰ ক্ষেত্রত চাবুক মৰা বন্ধ কৰা এটা যুগান্তকাৰী পদক্ষেপ। আন্তর্জাতিক মানবাধিকাৰ কমিছনৰ কৰ্মকৰ্তা অাডাম কুগলে কয়, চাবুক মৰা বন্ধ হ’লে স্বাগতম জনোৱা হ’ব৷ কিন্তু এই পৰিবর্তন বহুদিনৰ আগতে হোৱা উচিত আছিল।











