ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে লকডাউন বৃদ্ধিক লৈ জাৰি কৰিলে নতুন নিৰ্দেশনা।দেশজুৰি পুনৰ ১৪দিনলৈ বৃদ্ধি কৰা হ’ল লকডাউন।সেই অনুসৰি দেশৰত ১৭মে’ৰ লৈকে বৃদ্ধি পালে লকডাউন।উল্লেখ যে ৩মে’ত অন্তপৰা কথা আছিল দ্বিতীয় পৰ্যায়ৰ লকডাউন ঠিক তেনে সময়তে মাজত এটা দিন থকা সময়তে কেন্দ্ৰই লকডাউন বৃদ্ধিক লৈ জাৰি কৰিলে নিৰ্দেশনা।
ইফালে নতুন নিৰ্দেশনাত সামান্য সলনি কৰিছে লকডাউন। দেশৰ ১৩০খন জিলা ৰেড জ’নত ঘোষণা কৰিছে।২৮৪খন জিলা অৰেঞ্জ আৰু ৩১৯খন জিলা গ্ৰীণ জ’ন ৰূপে ঘোষণা।ৰেড জ’ন সমূহত ৰূপে ঘোষণা কৰা জিলা সমূহত চলাচল কৰিব নোৱাৰিব ব্যক্তিগত বাহন।জৰুৰীকালীন সেৱাৰে বাবে অনুমতি প্ৰদান কৰা যান-বাহনহে চলাচল কৰিব পাৰিব।
ইফালে গ্ৰীণ আৰু অৰেঞ্জ জ’ন সমূহত মানুহ চিকিৎসাজনীত আৰু জৰুৰী কামৰ বাহিৰে ঘৰৰ বাহিৰ ওলাব নোৱাৰিব।তৃতীয় পৰ্যায়ৰ লকডাউন সময়চোৱাত ৰাজহুৱা পৰিবহন ব্যৱস্থা, স্কুল-কলেজ, আন শিক্ষানুষ্ঠান, হোটেল, ৰাজহুৱা সমাগম, চিনেমা হল, ৰাজনৈতিক, সাংস্কৃতিক কাৰ্যসূচী আদি অনুষ্ঠিত কৰিব নোৱাৰিব।
কোনো লোকে ৰেল বা পথেৰে যাত্ৰা কৰিব খুজিলে তেওঁলোকে পূবে গ্ৰহণ কৰিব লাগিব অনুমতি।সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজালৈকে বাটে-পথে কোনো লোকৰ সমাগম হব নোৱাৰিব।স্থানীয় প্ৰশাসনে এই সন্দৰ্ভত উপযুক্ত নীতি-নিৰ্দেশনা জাৰি কৰিব।
প্ৰয়োজনত ১৪৪ ধাৰা জাৰি কৰিব পাৰিব।সকলোবোৰ জ’নতে ৬৫ বছৰৰ ওপৰৰ কোনো লোক, ১০ বছৰ তলৰ শিশু, গৰ্ভৱতী মহিলা ঘৰৰ ভিতৰত থাকিব লাগিব। স্বাস্থ্যজনীত কাৰণতহে তেওঁলোকে ওলাব পাৰিব ঘৰৰ পৰা।তিনিটা জ’নতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।











