ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (PMGKY)ৰ অধীনত জন ধন একাউণ্টৰ জৰিয়তে উপভোক্তা সকলক প্ৰদান কৰা ৫০০ টকা উলিওৱাৰ ক্ষেত্ৰত ইতিমধ্যে এক সময় তালিকা প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ বিত্তীয় সেৱা বিভাগে।
একেদৰে বেংকসমূহত গ্ৰাহকৰ ভিৰ কমাবৰ বাবে অহা ১১ মে’ পৰ্যন্ত বলৱত হোৱাকৈ আজি ভাৰতীয় বেংক এছোচিয়েচনে জমা ধন উলিওৱাৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰিছে। বেংকৰ ভিৰৰ পৰা হাত সাৰিবলৈ তলৰ সময় সূচী অনুযায়ী গ্ৰাহকে জমা ধন উলিয়াব পাৰিব। উক্ত সময় সূচী নিৰ্ধাৰণ কৰা হৈছে বেংক একাউণ্টৰ শেষৰ নম্বৰটোৰ ওপৰত ভিত্তি কৰি।
সেই অনুযায়ী ০ আৰু ১ৰে শেষ হোৱা একাউণ্ট নম্বৰৰ গৰাকীসকলে বেংকৰ টকা উলিয়াব পাৰিব ৪ মে’ত। আনহাতে, ২ আৰু ৩ সংখ্যাৰ গৰাকীয়ে উলিয়াব পাৰিব ৫ মে’ত।৪ আৰু ৫ সংখ্যাৰে শেষ হোৱা একাউণ্ট নম্বৰসমূহে জমা ধন উলিয়াব পাৰিব ৬ মে’ত আৰু ৬ আৰু ৭ সংখ্যাৰ একাউণ্টসমূহে ৮ মে’ত ধন উলিয়াব পাৰিব।
আনহাতে, ৮ আৰু ৯ নম্বৰেৰে শেষ হোৱা একাউণ্ট নম্বৰৰ গৰাকীসকলে তেওঁলোকৰ জমা ধন অহা ১১ মে’ত বেংকৰ পৰা উলিয়াব পাৰিব।
উল্লেখযোগ্য যেএই সময় সূচী ১১ মে’ পৰ্যন্ত কাৰ্য্যকৰী হ’ব।










