ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ বাবে এইবাৰ দিল্লীত চিআৰপিএফৰ কাৰ্যালয় চীল কৰা হ’ল৷ তাত কৰ্মৰত এজন গাড়ী চালকৰ শৰীৰত ক’ভিড-১৯ ভাইৰাছ ধৰা পৰে৷ তাৰ পাছতে এই সিদ্ধান্ত লোৱা হয়৷ বৰ্তমানে কাৰ্যালয়টোত জীৱাণুমুক্তকৰণৰ কাম চলি আছে৷
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হ’ব লোধি ৰ’ডৰ চিআৰপিএফৰ সদৰ কাৰ্যালয়টো৷ তাৎক্ষণিকভাৱে এই কাৰ্যালয়ত কাৰোৱেই প্ৰৱেশৰ অনুমতি দিয়া নাই৷











