ASSAM TIMES POST
নিউজ ডেস্ক:
ফেচবুকে ৪৩,৫৭৪ কোটিৰ বিনিয়োগৰ চুক্তি কৰাৰ কেইদিনমানৰ ভিতৰতে এইবাৰ জিঅ’ৰ লগত বিনিয়োগৰ চুক্তি কৰিবলৈ আগবাঢ়ি আহিছে আন এক সৰ্ববৃহৎ প্ৰযুক্তি বিনিয়োগকাৰী সংস্থা।
বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি বিনিয়োগকাৰীসকলৰ ভিতৰত এটা ছিলভাৰ লে’কে এইবাৰ জিঅ’ৰ সৈতে বিনিয়োগৰ চুক্তি কৰে। সোমবাৰে ছিলভাৰ লে’কে ভাৰতৰ সৰ্ববৃহৎ নেটৱৰ্ক কোম্পানী তথা এছিয়াৰ শীৰ্ষ বিলিয়নাৰ মুকেশ আম্বানীৰ সৈতে ৫,৬৫৬ কোটি বিনিয়োগৰ চুক্তি সম্পাদন কৰি জিঅ’ৰ ১.১৫ শতাংশ শ্বেয়াৰ ক্ৰয় কৰে।











