ASSAM TIMES POST
নিউজ ডেস্ক:
কালিৰে পৰা সমগ্ৰ দেশত সুৰাৰ বিপনী খুলিলেও ইয়াৰ ক্ৰয়-বিক্ৰয়ৰ ওপৰত বহুতো নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মাস্ক পৰিধান, সামাজিক দূৰত্ব অৱলম্বনৰ উপৰি ক্ৰয় কৰিব পৰা সুৰাৰ পৰিমাণ আদিও বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰে।
কিন্তু বিভিন্ন বাধা-নিষেধ উলংঘাৰ লগতে নিৰ্ধাৰিত পৰিমাণৰ সুৰা ক্ৰয়ৰ নিয়মকো যেন অংগুষ্ঠ প্ৰদৰ্শন কৰিছে এচামে। ইয়াৰ প্ৰমাণ আহিল কৰ্ণাটকৰ পৰা। অকলে ৫২ হাজাৰ টকাৰ সুৰা ক্ৰয় কৰে এজন ব্যক্তিয়ে।উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি এজন ব্যক্তিয়ে সৰ্বোচ্চ ২.৬ লিটাৰ সুৰা ক্ৰয় কৰিব পাৰে।
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনতকৈ বহু গুণেই বেছি সুৰা ক্ৰয় কৰে কৰ্ণাটকৰ এই ব্যক্তিগৰাকীয়ে। সুৰা কিনাৰ বিলখন ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। তাৰ পিছতে ঘটনাটো দৃষ্টিগোচৰ হয় আৱকাৰী বিভাগৰ। বিলখন হ’ল মুঠ ৫২,৮০০ টকাৰ। এতিয়া এই বিপুল পৰিমাণত সুৰা ক্ৰয় কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে ক্রেতা-বিক্রেতা উভয়ৰে ওপৰত।











