ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অব্যাহত লকডাউনৰ মাজতে সাধাৰণ জনতাক সকাহ দিবলৈ চৰকাৰে এইবাৰ লৈছে এক আচঁনি। কেন্দ্ৰীয় চৰকাৰে ইএছআইচি আচঁনিৰ সুবিধা প্ৰদান কৰাৰ সীমা বৃদ্ধিৰ তৎপৰতা গ্ৰহণ কৰিছে।

CNBC আৱাজৰ সূত্ৰমতে কম দৰমহা পোৱা বেছি কৰ্মচাৰীক মেডিকেল আৰু কেছ বেনিফিট দিবলৈ চৰকাৰে ইএছআইচিৰ অধীনত সীমা বৃদ্ধি কৰিব পাৰে। শ্ৰম মন্ত্ৰালয়ে কভাৰেজৰ কাৰণে কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহাৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱ বিত্ত মন্ত্ৰালয়ক প্ৰদান কৰিছে।সূত্ৰমতে, স্কীমৰ সুবিধাৰ কাৰণে কৰ্মচাৰীৰ কাৰণে দৰমহাৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে।
এইমতে ইএছআইচিৰ কাৰণে দৰমহাৰ পূৰ্বৰ সীমা ২১,০০০টকাৰ পৰা ৩০,০০০টকা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।যিসকল কৰ্মচাৰীৰ গ্ৰছ দৰমহা ৩০,০০০টকা সেইসকলে ইএছআইচিৰ কভাৰেজৰ সুবিধা লাভ কৰিব।
ইএছআইচিৰ আঁচনিৰ অধীনত বেমাৰত পৰিলে দৰমহা প্ৰটেকশ্যন দিয়া হ’ব।এই কাৰ্যৰ ফলত কোম্পানীসমূহৰ ওপৰতো বোজা হ্ৰাস পাব। লগতে লকডাউনত জৰুৰী মেডিকেল কভাৰৰ বোজাও কম হ’ব।











