ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ বাবে ভাৰতৰ পৰ্যটন উদ্যোগে ১০ লাখ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে৷ এই আশংকা কৰিছে ফেডাৰেছন অব এছ’চিয়েছনছ ইন ইণ্ডিয়ান টুৰিজিম এণ্ড হস্পিটিলেটিয়ে৷ পৰ্যটন উদ্যোগৰ পৰা দেশৰ জিডিপিৰ প্ৰায় ১০ শতাংশ আহে৷
এই উদ্যোগে ৰাজকোষলৈ অন্তত ২০ লাখ টকাৰ যোগান ধৰে৷ এই কথা ফেডাৰেছন অব এছ’চিয়েছনছ ইন ইণ্ডিয়ান টুৰিজিম এণ্ড হস্পিটিলেটিয়ে জনাইছে৷ লকডাউনৰ ফলত এই উদ্যোগ থমকি গৈছে৷ বিশেষজ্ঞসকলৰ আশংকা, অহা ছমাহ এই ধাৰা অব্যাহত থাকিব৷
মাৰ্চৰ ৰিপৰ্ট মতে দেশৰ পৰ্যটন উদ্যোগত ইতিমধ্যে ৫ লাখ কোটি টকাৰ লোকচান হৈছে৷ সম্প্ৰতি ছয় সদস্যৰ আন্তঃমন্ত্ৰালয় দলৰ সৈতে ফেডাৰেছন অব এছ’চিয়েছনছ ইন ইণ্ডিয়ান টুৰিজিম এণ্ড হস্পিটিলেটিয়ে আলোচনা কৰিছিল৷ সেই বৈঠকত চৰকাৰক তেওঁলোকে এই বিষয়ে জনাইছে৷











