ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইটালীক পিছ পেলাই আগবাঢ়ি গ’ল ব্ৰিটেইন৷ ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যুৰ নিৰিখত অতদিনে ইউৰোপৰ দেশবোৰৰ ভিতৰত শীৰ্ষত আছিল ইটালী৷ এতিয়া ইটালীক চেৰাই সেই স্থান ল’লে ব্ৰিটেইনে৷ ব্ৰিটেইনৰ বৈদেশিক সচিব ডমিনিক ৰাবে ইয়াক ‘মেছিভ ট্ৰেজেডী’ বুলি উল্লেখ কৰিছে৷
জনছ হপকিন্স ইউনিভাৰচিটি এণ্ড মেডিচিনৰ তথ্য মতে ক’ৰ’ণাত আক্ৰান্ত হৈ ইটালীত এই পৰ্যন্ত মৃত্যু হৈছে ২৯,৩১৫ জন লোক৷ ব্ৰিটেইনত মৃত্যু হৈছে ২৯,৪২৭ জন লোক৷ ইয়াৰ পাছলে আছে স্পেইন আৰু ফ্ৰান্স৷ ক’ভিড-১৯ সংক্ৰমণত স্পেইনত মৃত্যু হৈছে ২৫,৬১৩ জন লোক৷
আনহাতে ফ্ৰান্সত ২৫,৫৩৭ জন লোকৰ মৃত্যু হৈছে৷ উল্লেখ্য যে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ ভিতৰত স্পেইন শীৰ্ষত আছে৷ স্পেইনত আক্ৰান্ত হৈছে ২ লাখ ১৯ হাজাৰ ৩২৯ জন৷ তাৰ পাছত আছে ইটালী৷ ইটালীত আক্ৰান্তৰ সংখ্যা ২ লাখ ১৩ হাজাৰ ১৩ জন৷ ব্ৰিটেইনত আক্ৰান্তৰ সংখ্যা ১ লাখ ৯৬ হাজাৰ ২৪৩ জন৷ সংবাদ মেলত ডমিনিক ৰাবে কয়, মহামাৰী কোন দেশত কি দৰে নিয়’ কৰিছে সেয়া এতিয়া নিৰ্ণয় কৰাৰ সময় অহা নাই৷
মহামাৰীৰ কৱলৰ পৰা মুক্ত হোৱাৰ পাছত বিষয়টো চোৱা হ’ব৷ ক’ৰ’ণাত ব্ৰিটেইনত যি বৃহৎ সংখ্যক লোকৰ মৃত্যু হ’ল তাৰ আগতে কোনো দিন ইমান সংখ্যক লোকৰ মৃত্যু হোৱা নাই বুলি তেওঁ দাবী কৰে৷











