ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ বাবে শিক্ষানুষ্ঠান, চিনেমা হল আদিৰ লগতে হোটেল, ৰেষ্টুৰেণ্টত আদি সকলো বন্ধ৷ কাৰোবাৰ ইচ্ছা থাকিলেও ৰেষ্টুৰেণ্টলৈ যাব নোৱাৰে৷ কিন্তু ৰেষ্টুৰেণ্ট খুলিলেও সামাজিক দূৰত্ব মানিব লাগিব৷
সামাজিক দূৰত্ব মানি খুলিছে এখন ৰেষ্টুৰেণ্ট৷ এই ৰেষ্টুৰেণ্টৰ মালিকে সামাজিক দূৰত্বৰ নামত বিভিন্নজনৰ বাবে আলোচ্যৰ বিষয় হৈ পৰিছে৷ যিহেতু ৰেষ্টুৰেণ্টখনত মাত্ৰ এজনেই খাব পাৰিব৷ তাকে লৈ আচৰিত হৈছে বিভিন্ন লোক৷ এই ৰেষ্টুৰেণ্টখন খুলিছে ছুইডেনৰ ভাৰ্মলেণ্ড এলেকাত৷ এই অস্থায়ী বা পপ-আপ ৰেষ্টুৰেণ্টখন খুলিছে ৰেছমাছ পাৰ্ছন আৰু তেওঁৰ পত্নী লিণ্ডা কাৰ্লছনে৷
ৰেছমাছে আগতে ৰান্ধনিৰ কাম কৰিছিল৷ সেয়ে তেওঁ এনে ‘অভিনৱ ৰেষ্টুৰেণ্ট’ খুলিবলৈ কিছুদিনৰ আগতে মনলৈ আহে৷ এদিন লিণ্ডাৰ পিতৃ-মাতৃৰ ঘৰলৈ দিনৰ আহাৰ খাবলৈ তেওঁলোক গৈছিল৷ সেইদিনা দূৰৈত থাকি খোৱাৰ পৰিৱেশ কৰে ৰেছমাছে৷
তাতেই মনলৈ আহিল এনেদৰে সকলোৰে কাৰণে খাবলৈ পৰিৱেশন কৰা সম্ভৱ৷ তেনেদৰে খুলিব পাৰি এখন ৰেষ্টুৰেণ্ট৷ যেনে চিন্তা তেনে কাম৷ আৰম্ভ হ’ল ৰেষ্টুৰেণ্টৰ পৰিকল্পনা৷ শেষত উদ্বোধনৰ কথাও আহিল৷ এই ৰেষ্টুৰেণ্টত সামাজিক দূৰত্ব ৰক্ষা কৰাৰ যি পৰিকল্পনা তাকে লৈ আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্নজনে৷ এখন মুকলি পথাৰৰ মাজত এখন টেবুল আছে৷ তাত মাত্ৰ এখন চকী৷
এজনেই বহিব পাৰিব তাত৷ খাবৰ বাবে আহাৰ দিয়াৰ ব্যৱস্থাটো হ’ল ৰ’প ৱে৷ টেবুলৰ কাষত এটা খুঁটা৷ তাৰ যোগেদি আহিব খাদ্য৷ তাৰ পৰা ক্ৰেতাই খাদ্য আনি খাব লাগিব৷ এই ৰেষ্টুৰেণ্টত ক্ৰেতা আৰু ৰেষ্টুৰেণ্টৰ কৰ্মী কাৰোৰে সংস্পৰ্শত অহাৰ সম্ভৱ নহয়৷
এই ৰেষ্টুৰেণ্টত উক্ত দম্পতীৰ বাদে আন কোনো অতিৰিক্ত কৰ্মচাৰী নাই৷ অহা ১০ মে’ত মুকলি হ’ব “ব’ৰ্ড ফৰ এন” বা “এজনৰ বাবে টেবুল” নামৰ এই ৰেষ্টুৰেণ্টখন৷ অহা এক আগষ্টলৈকে ৰেষ্টুৰেণ্টখন মুকলি থাকিব৷ এতিয়া বাকী আছে খাদ্য সামগ্ৰীৰ দামৰ কথা৷ সেয়া সোনকালে ধাৰ্য কৰিব দম্পতীয়ে৷











