ASSAM TIMES POST
উৎপল দাস
গোলাঘাট : সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাটো ধান খেটিৰ বতৰত কৃষকসকলে বছৰটোৰ বাবে ধানৰ ভঁড়াল উপচাবলৈ পথাৰত নামি পৰিছে ৷ কৃষকসকলক উন্নত মানদণ্ডৰ বীজ যোগানৰ বাবেও অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনৰ খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰই সহায়ৰ হাত আগবঢ়াইছে ৷ কেন্দ্ৰটোৰ জ্যেষ্ঠ বিজ্ঞানী ড°এফ ইউ এ আহমেদৰ লগতে বিজ্ঞানীসকল ক্ৰমে ড° ভৈৰৱ গগৈ, ড° অৰুণিমা ভড়়ালি, কৃষাংকি বৰা, ফাৰ্ম মেনেজাৰ ৰাতুল চন্দ্ৰ নেওগৰ লগতে অন্যান্য কৰ্মচাৰীসকলে প্ৰতিদিনে কৃষকৰ সহায়ৰ বাবে কাম কৰি আহিছে ৷
এইবাৰ এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা উন্নত মানৰ তথা অধীক উৎপাদন হোৱা ৰঞ্জিত, বাহাদুৰ স্বাৱ ওৱান, ৰনজিৎ স্বাৱ ৱান, দিহিং, কনীজহা, গিটেইছ TTB 404(shravani) ধানৰ কঠিয়া অতি সুলভ মূল্যত বিক্ৰী কৰা হৈছে৷ প্ৰতি দিনে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলে তেওঁলোকৰ পছন্দৰ ধানৰ সঁচ প্ৰতি কিলোগ্ৰামত ৩৮ টকাকৈ ক্ৰয় কৰি নিছে ৷ উল্লেখিত ধানৰ সঁচৰ ভিতৰত ৰনজিৎ ধানৰ উৎপাদন প্ৰতি হেক্টৰত ৫০ৰ পৰা ৫৫ কুইণ্টল হোৱাৰ বাবে এই সঁচটো কৃষকসকলৰ প্ৰথম পচন্দ হোৱা বুলি কৃষকসকলে মন্তব্য কৰিছে৷ আনহাতে ৰনজিৎ স্বাৱ ৱান ধানৰ সঁচ ৰোপণৰ পিছত ১৪ দিন পানীৰ তলত থাকিলেও কোনো ক্ষতি নোহোৱাৰ বাবে বানপানী অধ্যুষিত কৃষকসকলে এই সঁচটো নিয়া দেখা গৈছে ৷ মুঠৰ ওপৰত এতিয়া খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰটো কৃষকৰ সোঁত বৈছে ৷