ASSAM TIMES POST
নিউজ ডেস্ক:
বিশ্বৰ তুলনাত ভাৰতত ক’ৰ’ণা আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কম। কাৰণ সঠিক সময়ত লকডাউন আৰম্ভ হয়। এনেদৰেই জনালে বিশ্ব স্বাস্থ্য সংস্থাই।বিশ্ব স্বাস্থ্য সংস্থাৰ কোভিড১৯ দলৰ সদস্য ডেভিদ নাবাৰোৱে কয়, লকডাউনতেই ভাৰতত কাবু হৈছে কৰোনা।
তেওঁৰ পূর্বাভাষ, লকডাউন উঠিলে ভাৰতত বাঢ়িব আক্ৰান্ত আৰু মৃতকৰ সংখ্যা। ভাৰতত ক’ৰ’ণা পৰিস্থিতি নিয়ন্ত্ৰণতেই আছে। কিন্তু জুলাইৰ শেষত ভাৰতত ক’ৰ’ণাৰ প্ৰকোপ শিখৰত উঠিব। আতংক নহয়, আগন্তুক দিনবোৰত সতৰ্ক হৈ থাকিবলৈও তেওঁ আহ্বান জনায়।











