ASSAM TIMES POST
নিউজ ডেস্ক:
এটা ভিডিঅ’ য’ত এগৰাকী মহিলা বক্সাৰে এটা কুকুৰ বক্সিং গ্ল’ৱছ পিন্ধি ঘুচা মাৰিছে৷ কুকুৰটো জাৰ্মান শ্বেফাৰ্ড৷ ইয়াকে লৈ এটা ভিডিঅ’ প্ৰস্তুত কৰা হ’ল৷ এই ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে৷ কুকুৰটোৰ মুখত ঘুচা মাৰিবলৈ আৰম্ভ কৰাৰ পাছত কুকুৰটো চিৎকাৰ কৰি উঠে৷
কিন্তু তালৈ কোনো ভ্ৰূক্ষেপ নাই মহিলাগৰাকীৰ৷ তাৰ পৰিৱৰ্তে মহিলাগৰাকীয়ে উল্লাস কৰি পুনৰ ঘুচিয়াবলৈ আৰম্ভ কৰে৷ কেৱল এয়াই নহয়, এই ভিডিঅ’ৰ বেকগ্ৰাউণ্ডত থকা এগৰাকীৰ মাত শুনিবলৈ পোৱা যায়, ক’ত ছাৰা মেকলেহান?
উল্লেখ্য যে ছাৰা মেকলেহান হ’ল কানাডাৰ জনপ্ৰিয় সংগীত শিল্পী৷ প্ৰাণীৰ সুৰক্ষাৰ বাবে তেওঁ বিভিন্ন কাম কৰিছে৷ যিগৰাকী মহিলাই কুকুৰটোক মাৰিছিল তাক কোৱা শুনিবলৈ পোৱা গৈছিল, ইমান জোৰেৰে মৰাৰ, যেন…৷ এই কথা কওতে কওতেই শেষ হৈ যায় ভিডিঅ’টো৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছত সৰৱ হৈ পৰে একাংশ লোক৷
এই মহিলাগৰাকীক কঠোৰ শাস্তি বিহিবলৈ দাবী কৰিছে পশুপ্ৰেমীসকলে৷ আমেৰিকাৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদন মতে, ইদাহু হিউমেন ছ’চাইটি নামৰ এটা সংগঠনলৈ বহু ফোন আহে৷ তাৰ পাছত এই ঘটনাৰ তদন্ত আৰম্ভ হয়৷ এই মহিলাগৰাকীৰ সৈতে তেওঁলোকে যোগাযোগ কৰে৷ অৱশ্যে তেওঁলোকে মহিলাগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাই৷











