ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ ৪৫ দিন অতিক্ৰম কৰিলে। শিথিল হৈছে কিছু নীতি-নিয়ম। বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি আহিবলৈ আৰম্ভ কৰিছে প্ৰব্ৰজিত শ্ৰমিকসকল। যিসকলৰ বহুতেই সংক্ৰমিত বুলি ধৰি লৈছে স্বাস্থ্য মন্ত্ৰালয়ে। ফলত আগন্তুক দিনত ক’ৰ’ণা সংক্ৰমণ আৰু বাঢ়িব, এনেকুৱা আশংকাই তেওঁলোকৰ।
এই অৱস্থাত সংবাদ মেলত স্বাস্থ্য বিভাগৰ যুটীয়া সচিব লাভ আগৰৱালাই কয়, “কেনেদৰে ক’ৰ’ণা ভাইৰাছক লগত লৈয়ে বাচি থাকিব লাগিব, তাক আমি শিকিব লাগিব। এইটোৱেই ডাঙৰ প্ৰত্যাহ্বান।উল্লেখযোগ্য যে যোৱা কেইবাটাও দিন ধৰি প্ৰতিদিনেই প্ৰায় ৩ হাজাৰকৈ ব্যক্তি সংক্ৰমিত হৈ আহিছে।
যাৰ ফলত দেশত সংক্ৰমিত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই ৬৯ হাজাৰৰ ওচৰ চাপিছে। আনহাতে, সংখ্যাটো আৰু বাঢ়িব বুলি বৃহস্পতিবাৰেই সতৰ্ক কৰি দিছিল এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেড়িয়াই। আনকি দেশত ৰোগৰ সংখ্যা দ্বিগুণ হোৱাৰ দিনো কমি গৈছে। বৰ্তমান অৱশ্যে কিমান দিনত ৰোগীৰ সংখ্যা দুগুণ হৈছে তাক প্ৰকাশৰ পৰা বিৰত থাকে লাভ আগৰৱালা।
সূত্ৰ মতে, এই হাৰ ১০-১১ দিনৰ ভিতৰত। তেওঁৰ মতে, মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, তামিলনাডুৰ দৰে ৰাজ্যত প্ৰচুৰ মানুহ নতুনকৈ সংক্ৰমিত হৈছে। বাঢ়িছে মৃত্যুও। বিশেষকৈ প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ বেছি। সেই কাৰণে আক্ৰান্তসকলৰ মাজত প্লাজমাৰ পৰীক্ষামূলক প্ৰয়োগ কিমান সফল হয় তাক চোৱাৰ বাবে গুজৰাটত আৰম্ভ হৈছে বুলি জনায় স্বাস্থ্য মন্ত্ৰালয়ে।
ইফালে লকডাউনৰ নিয়ম শিথিল কৰাত প্ৰব্ৰজিত শ্ৰমিকসকল ঘৰলৈ উভতিবলৈ আৰম্ভ কৰাত সংক্ৰমণ বঢ়াৰ যি শংকা আছে, তাক স্বীকাৰ কৰে লাভ আগৰৱালাই। তেওঁ কয়, “পাৰস্পৰিক দূৰত্বৰ যি নিয়ম বান্ধি দিয়া হৈছে তাক পালন কৰিব লাগিব।
“বিশেষজ্ঞসকলৰ মতে, আজি নহ’লেও কাইলৈ সামাজিক সংক্ৰমণ হ’বই। পৰৱৰ্তী ঢাপত ক’ৰ’ণা সংক্ৰমণ স্থানীয় ৰোগত পৰিণত হ’ব। তেতিয়া আৰু একো চিন্তা নাথাকিব।











