ASSAM TIMES POST
নিউজ ডেস্ক : ফেচবুক, ছিলভাৰ লে’কৰ পিছত এইবাৰ ভিস্তা। তিনি সপ্তাহৰো কম সময়ত জিঅ’ প্ল্যাটফর্মৰ মুঠ ১৩.৪৬% শ্বেয়াৰ বিক্ৰী কৰি মুকেশ অম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ (আৰআইএল) লিমিটেডৰ ঘৰলৈ আহিল ৬০ হাজাৰ কোটিৰো অধিক টকা। আৰু বৰ্তমান ১১,৩৬৭ কোটি বিনিয়োগ কৰি জিঅ’ প্ল্যাটফর্মত আপাতত তৃতীয় বৃহত্তম অংশীদাৰ হ’ল মার্কিন প্রযুক্তি তথা প্রাইভেট ইকুইটি সংস্থা ভিস্তা।
বিশ্ব যেতিয়া গৃহবন্দী, ঋণৰ বোজা কমাবলৈ আগবাঢ়িছে মুকেশ। যাৰ অঙ্ক প্রায় ১.৬১ লক্ষ কোটি। জিঅ’ৰ মুঠ ২০% অংশীদাৰিত্ব বিক্ৰীৰ বার্তা দিছিল পূৰ্বতেই। সংশ্লিষ্ট মহলৰ ইঙ্গিত, কৰোনাৰ আঘাতত তেলৰ ব্যৱসায়ত আঘাত পাই প্ৰায় ধৰাশায়ী তেওঁ। বিশেষকৈ বিশ্ব বজাৰত তেলৰ চাহিদা আৰু মূল্যৰ অৱনমনৰ ফলত চৌদি এৰামকোকক ৰিলায়েন্সৰ তেল ব্যৱসায়ৰ অংশীদাৰিত্ব বিক্ৰীৰ প্রক্রিয়াতো লাগিছে প্রশ্নচিহ্ন।
এক অৱলোকন
• জিঅ’ প্ল্যাটফর্মৰ ২.৩২% হাতলৈ নিছে মার্কিন প্রাইভেট ইকুইটি সংস্থা ভিস্তা ইকুইটি পার্টনানাৰ্চে। বিনিয়োগ কৰিব ১১,৩৬৭ কোটি টকা।
• ২২ এপ্রিলত ৪৩,৫৭৪ কোটি টকাত ৯.৯৯% কিনিছে ফেচবুকে।
• বিগত সোমবাৰে ৫৬৫৫.৭৫ কোটি বিনিয়োগ কৰি ১.১৫% অংশীদাৰিত্ব কিনাৰ কথা জনাইছে মার্কিন প্রযুক্তি সংস্থা ছিলভাৰ লে’কে।
• ইয়াকে লৈ তিনিটামার্কিন সংস্থাই জিঅ’ প্ল্যাটফর্মত মুঠ ৬০,৫৯৬.৩৭ কোটি টকা লগ্নিৰ কথা জনালে। আনহাতে, হাতলৈ নিয়ে ১৩.৪৬%।
• মার্চ পর্যন্ত জিঅ’ৰ মূল সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ঋণ ১.৬১ লক্ষ কোটি। তাক কমাবলৈ জিঅ’ প্ল্যাটফর্মৰ ২০% পর্যন্ত বিক্ৰীৰ ইঙ্গিত দিছে মুকেশ অম্বানীয়ে।