ASSAM TIMES POST
নিউজ ডেস্ক:
এয়াৰ ইণ্ডিয়াৰ পাঁচজন বিমান চালক আৰু দুজন টেকনিচিয়ান ক’ৰোনাত আক্ৰান্ত হৈছে৷ উৰণৰ ৭২ ঘণ্টাৰ আগেয়ে নিয়মমাফিক পৰীক্ষা কৰাৰ পাছত এই বিমান চালক আৰু টেকনিচিয়ানৰ দেহত ক’ৰোনা সংক্ৰমণৰ প্ৰমাণ পায়৷
তেওঁলোকক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে৷প্ৰাপ্ত খবৰ মতে, ক’ৰোনাত আক্ৰান্ত এই বিমান চালক প্ৰত্যেকেই মুম্বাইৰ বাসিন্দা৷ ব’য়িং ৭৮৭ ড্ৰিম লাইনৰ এই বিমান চালককেইজন শেষবাৰ ২০ এপ্ৰিলত বিমান চলাইছিল৷ সম্প্ৰতি তেওঁলোকে দিল্লীৰ পৰা এখন মালবাহী বিমানত চিকিৎসা সৰঞ্জাম, ঔষধলৈ চীনৰ গুৱাংঝৌলৈ গৈছিল৷ৰুটিন মাফিক শাৰীৰিক পৰীক্ষাৰ পাছত প্ৰত্যেকেই ক’ভিড-১৯ পজিটিভ বুলি জানিব পৰা যায়৷
আক্ৰান্তসকল প্ৰত্যেকেই উপসৰ্গহীন৷ আন এক সূত্ৰ৷মতে শনিবাৰে এয়াৰ ইণ্ডিয়াৰ ৭৭জন বিমান চালকৰ ক’ভিড-১৯ পৰীক্ষা কৰা হয়৷ ইয়াৰ পাছতে এই বিমান চালকসহ সাতজনৰ দেহত ক’ৰোনা সংক্ৰমণ হোৱাৰ কথা পোহৰলৈ আহে৷ ৰিপৰ্ট পোৱাৰ পাছত তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হয়৷
উল্লেখযোগ্য যে লকডাউন আৰম্ভ হোৱাৰ পাছত দেশত সকলো আন্তৰ্দেশীয় আৰু আন্তৰ্জাতিক বিমান চলাচল বন্ধ আছে৷ কিন্তু মালবাহী বিমান চলি আছে৷ যোৱা ২০ এপ্ৰিলত ৭৮৭ বিমানখন গুৱাংঝৌলৈ গৈছিল৷











