ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ বাবে বিদেশত বন্দী হৈ আছে বহু ভাৰতীয়৷ এই ভাৰতীয়সকলক আনিবৰ বাবে দ্বিতীয় পৰ্যায়ৰ কাম অহা ১৬ মে’ৰ পৰা আৰম্ভ হ’ব৷ বন্দে ভাৰত মিছনৰ অধীনত দ্বিতীয় পৰ্যায়ৰ এই অভিযান ২২ মে’ পৰ্যন্ত চলিব৷ উল্লেখ্য যে ৭ মে’ৰ পৰা ১৪ মে’লৈকে প্ৰথম পৰ্যায়ৰ বন্দে ভাৰত মিছনত ১২ খন দেশৰ পৰা ১৫ হাজাৰ লোকক দেশলৈ অনা হয়৷


এই অভিযানত কেন্দ্ৰই ১৪৯খন বিমানে বিভিন্ন দেশৰ পৰা ভাৰতীয়সকলক আনিবগৈ৷ ফ্ৰান্স, ইটালী, জাৰ্মানী, ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰসহ ৩২ খন দেশত থকা ভাৰতীয়সকলক ঘুৰাই অনা হ’ব৷ ইপিনে, আমেৰিকাৰ পৰা ২২৫জন ভাৰতীয়ক ঘুৰাই অনা হৈছে৷ ছান ফ্ৰান্সিছৰোৰ পৰা হায়দৰাবাদ বিমান বন্দৰলৈ এই লোকসকলক অনা হয়৷
বন্দে ভাৰত মিছনৰ এই সফল প্ৰয়াসত কেৱল আমেৰিকাৰ পৰাই নহয় আন দেশবোৰৰ পৰাও ভাৰতীয় লোকক অনা হৈছে৷ উল্লেখ্য যে দেওবাৰে প্ৰথমখন বিমানত মালয়েছিয়াৰ পৰা ১১৭ জন ভাৰতীয় দেশলৈ আহিছিল৷
মন কৰিব লগা যে ৭ মে’ৰ পৰা বন্দে ভাৰত মিছন আৰম্ভ হৈছে৷ তেতিয়াৰ পৰা এই পৰ্যন্ত ২৫খন বিমানত ৫১৬৩জন ভাৰতীয়ক ঘুৰাই অনা হৈছে৷











