ASSAM TIMES POST
নিউজ ডেক্স
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি দেশবাসীৰ উদ্দেশ্যে ভাষণ আগবঢ়াওতে আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত জোৰ দিছিল৷ দেশবাসীক মেক ইন ইণ্ডিয়া মন্ত্ৰ শুনোৱাৰ ২৪ ঘণ্টাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিলে যে অহা ১ জুনৰ পৰা অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত মাত্ৰ দেশত উৎপাদিত পন্য বিক্ৰী হ’ব৷
অমিত শ্বাহে টুইট কৰি লিখে প্ৰধানমন্ত্ৰীয়ে দেশক আত্মনিৰ্ভৰ হ’বৰ বাবে আবেদন কৰিছে৷ ভাৰতত উৎপাদিত পন্য কিনিবলৈ কৈছে৷ তেওঁ লিখিছে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত মতে সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কেণ্টিনত স্বদেশী পন্য বিক্ৰী কৰা হ’ব৷
১ জুনৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব৷ উল্লেখ্য যে প্ৰায় ১০ লাখ চেণ্ট্ৰেল আৰ্মড ফ’ৰ্চ বা চিএপিএফ আৰু তেওঁলোকৰ পৰিয়ালৰ ৫০ লাখ সদস্যই স্বদেশী পন্য ব্যৱহাৰ কৰিব৷ কেৱল অৰ্দ্ধ সামৰিক বাহিনী বা তেওঁলোকৰ পৰিয়ালকে নহয় সমগ্ৰ দেশৰ মানুহক দেশীয় পন্য ব্যৱহাৰ কৰিবলৈ আহ্বান জনাব৷
প্ৰাপ্ত তথ্য মতে অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত বছৰী ২৮০০ কোটি টকাৰ সামগ্ৰী বিক্ৰী হয়৷ এই অৰ্দ্ধ সামৰিক বাহিনীত চিএপিএফ, বর্ডাৰ ছিকিউৰিটি ফ’ৰ্চ (বিএছএফ), চিআইএছএফ, আইটিবিপি, এছএছবি, এনএছজি আৰু অসম ৰাইফলৰ দৰে বাহিনী আছে৷











