ASSAM TIMES POST
নিউজ ডেস্ক:
কোৰোণা ভাইৰাছৰ ত্ৰাস এতিয়া সমগ্ৰ দেশতে। কোৰোণা ভাইৰাছৰ বাবে এতিয়া সমগ্ৰ দেশৰ বহু অফিচ বন্ধ হৈ আছে। চৰকাৰী অফিচ কম সংখ্যক কৰ্মচাৰীৰে কাম কৰি আছে। আনকি ঘৰৰ পৰাই বহু কৰ্মচাৰীয়ে কাম কৰি আছে। তাৰ মাজতে চৰকাৰী অফিচত কাম কৰা কৰ্মচাৰীৰ বাবে আছে ভাল খবৰ।
চৰকাৰে এতিয়া কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ দিয়াৰ এক বিকল্প পথৰ সন্ধান কৰিছে।কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ ৱৰ্ক ফ্ৰম হোমকলৈ এতিয়া খচৰা প্ৰস্তুত কৰিছে। সেই অনুসৰি চৰকাৰী কৰ্মচাৰীয়ে বছৰত ১৫ দিন ঘৰৰ পৰা কাম কৰাৰ সুবিধা লাভ কৰিব।
ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল এণ্ড ট্ৰেইনিঙে ই-অফিছত কাম কৰা আৰম্ভ কৰিছে। ৭৫টা মন্ত্ৰণালয় ইতিমধ্যে ই-অফিছৰ সৈতে জড়িত হৈছে। ইয়াৰ উপৰিও ৫৭টা মন্ত্ৰণালয়ে ৮০ শতাংশ কাম-কাজ পৰ্টেলৰ জৰিয়তে কৰি আছে।











