ASSAM TIMES POST
নিউজ ডেক্স :
কোৰোণা ভাইৰাছে এতিয়া ব্যপক ক্ষতি কৰিছে দেশৰ অৰ্থনীতি। দেশৰ এনে অৰ্থনৈতিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ চলিত বছৰত দৰমহা ৩০ শতাংশ কমকৈ ল’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।
ৰাষ্ট্ৰপতি গৰাকীয়ে অহা গণৰাজ্য দিৱসত ব্যৱহাৰ নকৰে লিম’জীন গাড়ী। ইতিমধ্যে ১০ কোটি টকা চৰকাৰী ধন ব্যয় কৰি এই গাড়ী খন ক্ৰয় কৰাৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হৈছিল। আনহাতে ৰাষ্ট্ৰপতি ভৱনৰ ৰাজকীয় ভোজমেল সমূহতো ব্যয়বহুল খাদ্য সম্ভাৰ পৰিবেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। প্ৰক্ৰিয়াটোৰে জড়িত ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী বিষয়াই জনাইছে এই কথা।
আনহাতে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা ৰাজকীয় ভোজমেল সমূহটো ব্যয়বহুল খাদ্য নাৰাখিবলৈ নিৰ্দেশ দিছে। অৱশ্যে কিছুদিন লৈকে কোনো ৰাষ্ট্ৰ প্ৰধানে ভাৰত ভ্ৰমণ নকৰে।
ৰাষ্ট্ৰপতি ভৱনত বন্ধ কৰি দিয়া হৈছে সকলো। এই কামত বৃহৎ অংকৰ এক চৰকাৰী ধন খৰচ কৰা হয় ।
লগতে ৰাষ্ট্ৰপতিয়ে সকলো ‘Divisional Head’ক ব্যয় সমূহ হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে । ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এজন বিষয়াই জনোৱা মতে ৰাষ্ট্ৰপতি ভৱনৰ সকলো সাংস্কৃতিক কাৰ্য্যসূচী বাতিল কৰা হৈছে। মিউজিয়াম উন্নয়নৰ ধনো কৰ্তন নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰপতিয়ে এৰাব নোৱাৰা ব্যয় সমূহ কৰিবলৈহে নির্দেশ দিছে ।
ৰাষ্ট্ৰপতি ইতিমধ্যে তেওঁ দৰমহাৰ পৰা ৫ লাখ টকা ‘PM Care Fund’ ত জমা কৰিছে । আনহাতে ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত বিষয়া সকলে ১৮ লাখ টকা প্ৰদান কৰিছে ।











