ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
দেশজুৰি কোভিড-১৯ মোকাবিলাত টাটা ট্রাষ্টৰ চেয়াৰমেন হিচাবে বিত্তীয় সাহায্য ঘোষণা কৰিছিল তেওঁ।এইবাৰ চাৰিখন চৰকাৰী হস্পিটেল সম্পূর্ণ নিজৰ দায়িত্বত কোভিড চেণ্টাৰ হিচাবে গঢ়ি তুলিছে টাটা ট্ৰাষ্টে।প্রতিখন হস্পিটেলতেই থাকিব ক্রিটিকেল কেয়াৰ ইউনিট, ক্ষুদ্ৰ অপাৰেচন চেণ্টাৰ, প্যাথ’লজি আৰু ৰেডিঅ’লজিৰ সুবিধা, থাকিব ডায়ালাইছিছৰ সুবিধাও।
কৰোনাৰ বিৰুদ্ধে যুঁজত ৫০০ কোটিৰ বিত্তীয় সাহায্য প্ৰদান কৰি সকলোতকৈ আগত আছিল ৰতন টাটা। দেশজুৰি কোভিড-১৯ মোকাবিলাত টাটা ট্ৰাষ্টৰ চেয়াৰমেন হিচাবে এই বিত্তীয় সাহায্য ঘোষণা কৰিছিল তেওঁ। অৱশ্যে কেৱল বিত্তীয় সাহায্যতেই সীমিত থকা নাই তেওঁ।
কৰোনা মোকাবিলাত ব্যৱহৃত সৰঞ্জাম দেশৰ বিভিন্ন প্রান্তলৈ পৰিবহণত এয়াৰলিফট দিয়ে টাটা ট্ৰাষ্টে।আৰু এইবাৰ চাৰিখন চৰকাৰী হস্পিটেলক সম্পূর্ণ নিজৰ দায়িত্বত কোভিড চেণ্টাৰ হিচাবে গঢ়ি তুলিছে টাটা ট্ৰাষ্টে। অহা ১৫ জুনৰ পৰা হস্পিটেলসমূহত সেৱা আৰম্ভ হ’ব।ৰতন টাটাই কয়, ‘এইটো অত্যন্ত জৰুৰী সময়।
আমাৰ সকলোৰে বাবে এইটো অত্যন্ত কঠিন এক প্ৰত্যাহ্বানৰ সময়।’ জানিব পৰা মতে, মহাৰাষ্ট্রেৰ সাংলিত ৫০ বেডৰ, বুন্ধনাত ১০৬ বেডৰ হস্পিটেল গঢ়ি তোলা হৈছে। এইবাৰ উত্তৰ প্রদেশৰ গৌতম বুদ্ধ নগৰত ১৬৮ বেডৰ আৰু গোন্দাত ১০৬ বেডৰ কৰোনা হস্পিটেলৰ কাম প্রায় শেষ হোৱাৰ পথত।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত ব্যৱহৃত PPE কিট, মাস্ক আৰু অন্যান্য সামগ্ৰী আমদানি আৰম্ভ কৰিছিল টাটা ইন্টাৰনেছনেল লিমিটেডে।
এক বিবৃতিত টাটা ট্ৰাষ্টে জনাইছিল, ‘এক কোটি ইউনিট আমদানিৰ পিছত দেশৰ COVID আক্রান্ত এলেকাসমূহত বিতৰণ কৰি দিয়া হৈছে।’ এয়াৰলিফটৰ মাধ্যমেৰে সহজেই এই কাম কৰা হৈছে বুলি জনাইছিল টাটা ট্রাষ্টে।টাটা ট্ৰাষ্টৰ বিবৃতি অনুযায়ী, ‘এই পর্যন্ত মুঠ ₹১৫০ কোটিৰ সৰঞ্জাম নিশ্চিত কৰা হৈছে।
‘ উল্লেখযোগ্য, ভাৰতে COVID-19 মোকাবিলাত মুঠ ₹১৫০০ কোটিৰ সাহায্যৰ কথা কৈছে টাটা গোষ্ঠীয়ে। কৰোনা মোকাবিলাত চিকিৎসা সৰঞ্জাম ক্ৰয় কৰাৰ বাবে এই অর্থ ব্যৱহাৰ হ’ব বুলি জনাইছিল ৰতন টাটাই। আনহাতে, কৰোনা ভাইৰাছৰ প্ৰকোপত দেশৰ বর্তমান পৰিস্থিতিক ‘কঠিনতম প্ৰত্যাহ্বান’ বুলি মন্তব্য কৰিছে বর্ষীয়ান উদ্যোগপতিগৰাকীয়ে।











