ASSAM TIMES POST
নিউজ ডেক্স
সংক্রমণৰ আশংকা থাকিলেও সীমান্ত মুকলি কৰি দিছে শ্লোভেনিয়াই৷ কোৱা হৈছে ক’ৰোনা যুদ্ধত জয় কৰিছে৷ দেশখনৰ প্ৰধানমন্ত্ৰী জানেজ জানছাই ঘোষণা কৰিছে, সমগ্ৰ ইউৰোপৰ ভিতৰত শ্লোভেনিয়াতেই ক’ৰোনাৰ পৰিস্থিতি সকলোতকৈ ভাল৷ সেইবাবেই আমি ঘোষণা কৰিব পাৰো, আমাৰ দেশত আৰু মহামাৰী নাই৷
উল্লেখ্য যে পাহাৰ-পৰ্বতে আৱৰি থকা এখন সৰু দেশ শ্লোভেনিয়া৷ দেশখনত ২০ লাখ মানুহ আছে৷ এইখন দেশৰ কাষতে আছে ইটালী৷ বৃহস্পতিবাৰ পৰ্যন্ত দেশখনত ১৫০০জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হৈছে ১০৩জনৰ৷ দেশখনত এতিয়াও সংক্ৰমণ হৈ আছে৷
দেশখনৰ চৰকাৰে কৈছে সংক্ৰমণ কমিছে৷ সেয়ে এই সিদ্ধান্ত লোৱা হৈছে৷ দেশখনৰ চৰকাৰে কৈছে, ইউৰোপীয় ইউনিয়নৰ দেশবোৰৰ পৰা শ্লোভেনিয়ালৈ সাধাৰণ মানুহ আহিব পাৰে৷ বাহিৰৰ কোনো দেশৰ মানুহ এইখন দেশলৈ আহিলে কোৱাৰেণ্টাইনত থাকিব লাগিব৷
মুখত মাস্ক আৰু সামাজিক দূৰত্বৰ বিধি মানিব লাগিব৷ অহা সপ্তাহৰ আৰম্ভণিৰে পৰা বহু শ্বপিং মল আৰু হোটেল খোলাৰ অনুমতি দিব৷ ২৩ মে’ৰ পৰা ফুটবল মেচ আৰু আন খেল ধেমালি ২৩ মে’ৰ পৰা আৰম্ভ হ’ব৷











