ASSAM TIMES POST
নিউজ ডেক্স
বহি:ৰাজ্যৰ ৰাজপথত ৩০অসমীয়াৰ হাহাকাৰ।কৰ্মসুত্ৰে চেন্নাইত বাস কৰা ৩০জনীয়া অসমীয়া যুৱকৰ এটা দলে সংহাৰী ক’ৰোনাৰ মহামাৰীৰ বাবে অসমলৈ যাত্ৰা কৰিছিল।কিন্তু দুৰ্ভাগ্যৱশত ঘৰমুখী এই যাত্ৰাপথত যুৱক কেইজন অহা বাছখন তেলেংগানাৰ আনন্দপুৰমৰ দুৰ্ঘটনাত পতিত হয়।
যাৰ বাবে বহি:ৰাজ্যতে আৱদ্ধ হৈ ৰয় অসমীয়া এই যুৱকৰ দলটো। একপ্ৰকাৰ উপায়বিহীন হৈ পৰা এই যুৱকসকলে অৱশেষত চোচিয়েল মিডিয়া যোগে সমগ্ৰ বিষয়টো উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে আহ্বান জনাই।উল্লেখ্য যে উক্ত দুৰ্ঘটনাটোৰ ফলত ৫জন যুৱক কিছু পৰিমাণে আঘাত-প্ৰাপ্ত হয়











