ASSAM TIMES POST
নিউজ ডেক্স
ঘৰলৈ অহাৰ পথত বন্ধুৰ কোলাতে শেষ নিঃশ্বাস ত্যাগ কৰিলে এজন প্ৰব্ৰজিত শ্ৰমিকে৷ মধ্য প্ৰদেশৰ পৰা খোজকাঢ়ি উত্তৰ প্ৰদেশৰ ঘৰৰ দিশে গৈছিল এই যুৱক শ্ৰমিক৷ কিন্তু পথতে শেষ হ’ল ঘৰ গৈ পোৱাৰ স্বপ্ন৷ জেপত নাই ফুটাকড়ি এটাও৷ লকডাউনৰ দুমাহত শেষ সম্বলকণো শেষ হৈছিল৷
আন ৰাজ্যত কাম আৰু ধনৰ লোভত পৰাটো এতিয়া অৰ্থহীন৷ মধ্য প্ৰদেশৰ শিৱপুৰীৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈছিল ২৪ বছৰীয়া যুৱক অমৃত৷ প্ৰখৰ ৰ’দৰ বাবে শৰীৰ ক্ষীণ হৈ গৈছিল৷ এসময়ত ক্লান্ত হৈ পৰে যুৱকজন৷ পথে যুৱকজনে বন্ধুক কোলাত শুই দিলে৷ যি শুলে সেয়া জীৱনৰ বাবেই হ’লগৈ৷ জীৱনৰ সকলো আশ আশংকা তাতেই শেষ হৈ পৰিল৷
আনহাতে আৰক্ষীৰ সহায়ত যুৱকজনক চিকিৎসালয়লৈ নিয়া হ’ল৷ চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ জানিব পৰা মতে যুৱকজনে গুজৰাটৰ ছুৰাটত কাম কৰিছিল৷ তাৰ পৰা বাকী প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে তেওঁ উত্তৰ প্ৰদেশৰ নিজা ঘৰলৈ গৈছিল৷
চাৰি হাজাৰ টকা ভাৰা দি ট্ৰাকত গৈছিল৷ মাজ পথত অসুস্থ অনুভৱ কৰিছিল৷ মধ্য প্ৰদেশৰ শিৱপুৰীত তেওঁ ট্ৰাকৰ পৰা নামি দিয়ে৷ তেওঁৰ লগত নামিছিল বন্ধু ইয়াকুব৷ ইয়াৰ পৰা খোজকঢ়া আৰম্ভ হয়৷ তাৰ পাছতে অধিক অসুস্থ হৈ পৰে অমৃত৷ তাতে বন্ধু ইয়াকুবৰ কোলাত মুৰ থৈ ঢলি পৰে অমৃত৷ তেতিয়া বিভিন্নজনৰ পৰা সহায় বিচাৰে ইয়াকুবে৷ কিন্তু কোনেও গাড়ী নৰখালে৷ পথত যোৱা এজনে সেই ছবি তুলি ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে৷ সেই প’ষ্টটো তৎক্ষণাত বিয়পি পৰে৷
ইয়াৰ পৰাই খবৰ পাই শিৱপুৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষীয়ে জনালে, আমি গৈ পাওতে অমৃতৰ জ্বৰ৷ ৰাস্তাত বমি কৰিবলৈ আৰম্ভ কৰে৷ আমি ভিবো প্ৰচণ্ড ৰ’দত অহাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল৷ তেওঁৰ ক’ৰোনা হৈছে নে নাই পৰীক্ষা কৰাৰ পাছত জানিব পৰা হ’ব৷
আৰক্ষীৰ সহায়ত অমৃতক চিকিৎসালয়লৈ নিয়া হয়৷ চিকিৎসালয়ত চিকিৎসকে অমৃতক মৃত ঘোষণা কৰে৷ আনহাতে ইয়াকুবক কোৱাৰেণ্টাইনত ৰখা হয়৷ তেওঁৰ ক’ৰোনা পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীয়ে জনায়৷ এনেদৰে ক’ৰোনাৰ বলত সমাপ্তি হয় ইয়াকুব আৰু অমৃতৰ বন্ধুত্ব৷











