ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনৰ মাজতেই আহমেদাবাদৰ ৰাজপথত সৃষ্টি হ’ল এক অপ্ৰীতিকৰ পৰিস্থিতি।লকডাউনৰ বাবে আহমেদাবাদত আৱদ্ধ হৈ একাংশ শ্ৰমিকে সোমবাৰে ৰাজপথলৈ ওলাই আহি নিজ ৰাজ্যলৈ উভতি যোৱাৰ বাবে দাবী জনায়।
তাৰ পাছতেই তেওঁলোকে স্থানীয় লোক তথা আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।পৰৱৰ্তী সময়ত পৰিস্থিতি ইমানেই ভয়াৱহ হয় যে উপায়বিহীন হৈ আৰক্ষীয়ে ৰাবাৰ বুলেট চলায়।
এই সমগ্ৰ ঘটনাটোৰ ফলত দুজন আৰক্ষী জোৱান আহত হোৱাৰ বিপৰীতে দুখন আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হয়। অৱশ্যে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাজনো লোকক আটক কৰে











