ASSAM TIMES POST
নিউজ ডেস্ক:
অহা ১ জুনৰ পৰা ২০০খন নন-এচি বিশেষ পেচেঞ্জাৰ ৰে’ল চলোৱাৰ কথা ঘোষণা কৰিছে ৰে’ল মন্ত্ৰালয়ে। মঙ্গলবাৰে টুইট কৰি এই কথা জনাইছে কেন্দ্রীয় ৰে’লমন্ত্রী পীযূষ গোৱেলে।কেৱল মাত্র আইআৰচিটিচিৰ ৱেবচাইট বা অ্যাপৰ পৰাহে টিকট কাটিব পৰা যাব।
ষ্টেচনৰ সকলো টিকট বুকিং কাউন্টাৰ বন্ধ থাকিবা।উল্লেখ্য, ১২ মে’ৰ পৰা কেইবাটাও নির্দিষ্ট পথত ১৫যোৰ ৰে’ল চলাচল আৰম্ভ কৰিছে ৰে’ল বিভাগে। সেই টিকট বুকিংও কেৱল অনলাইনত কৰা হৈছে। ৰে’ল বিভাগৰ পৰা টুইটত জনোৱা হৈছে, অহা ১ জুনৰ পৰা এই যাত্রিবাহী ৰে’লৰ সংখ্যা বঢ়াই সদ্যহতে ২০০ কৰা হৈছে।
আনহাতে, কেতিয়াৰ পৰা অনলাইনত টিকট কটা যাব সেয়া শীঘ্ৰেই জানোৱা হ’ব বুলিও জনাইছে ৰে’লমন্ত্রীয়ে। কিন্তু টিকট কটাৰ সময়ত যাত্রীসকলে গন্তব্যস্থলৰ সকল তথ্য দিবা লাগিব।ৰে’ল মন্ত্ৰালয়ৰ সূত্রৰ খবৰ, বিশেষ ৰে’ল আৰু শ্রমিক ৰে’ল একেলগেই চলিব। নন-এচি ৰে’লত দ্বিতীয় শ্ৰেণীৰ কম্পার্টমেণ্টও থাকিব। শীঘ্ৰেই বুকিং আৰম্ভ হ’ব। মূলত সৰু চহৰসমূহলৈ এইসমূহ ৰে’ল যাব বুলি ৰে’ল বিভাগৰ সূত্রত জানিব পৰা গৈছে।












