ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতৰ কোভিড১৯ যুঁজখনৰ সেনা প্ৰধান, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনক বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী পৰিষদৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে। হৰ্ষ বৰ্ধনে অহা ২২ মে’ত অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে হৰ্ষ বৰ্ধন ৩৪জনীয়া WHO ৰ কাৰ্যকৰী সমিতিৰ বৰ্তমানৰ অধ্যক্ষ জাপানৰ ডঃ হিৰোকি নাকাটানিৰ স্থলাভিসিক্ত হ’ব।ভাৰতৰ নিমিনিক নিযুক্তি দিয়াৰ প্ৰস্তাৱ স্বাক্ষৰিত হয় মঙ্গলবাৰে ১৯৪খন দেশৰ বিশ্ব স্বাস্থ্য সন্মিলনত। নিযুক্তিৰ চৰ্ত সম্পৰ্কে চাৰকাৰীভাৱে এনেদৰে কয়।
উল্লেখযোগ্য যে WHO ৰ অধ্যক্ষ পদত এগৰাকী ভাৰতীয়ই প্ৰতিনিধিত্ব কৰাটো যোৱা বছৰেই একপ্ৰকাৰ চূড়ান্ত হৈ আছিল, কিয়নো WHO ৰ দক্ষিণ-পূব এছিয়া গোটে আগন্তুক তিনি বছৰৰ বাবে ভাৰতীয় প্ৰতিনিধিক মনোনীত কৰি থৈছিল। এতিয়া মাত্ৰ হৰ্ষ বৰ্ধনৰ নামটো আনুষ্ঠানিকভাৱে ঘোষণাহে কৰা হয়।












