ASSAM TIMES POST
নিউজ ডেস্ক:
কৰোনাৰ প্ৰকোপত বর্তমান সকলোৰে বাবে স্বাস্থ্য বীমা কৰোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷ আপুনি যদি কোনো স্বাস্থ্য বীমা কৰোৱাৰ পৰিকল্পনা কৰিছে তেনেহ’লে এইটো জানি থোৱাটো অত্যন্ত জৰুৰী৷ “আম আদমি বীমা যোজনা” নামেৰে এলআইচিৰ এক সামাজিক সুৰক্ষাৰ পলিচি আছে৷ প্রথমে অসংগঠিত কর্মীসকলৰ বাবে আৰম্ভ কৰা হৈছিল৷ এই যোজনাত লাইফ ইনস্যুৰেন্স কভাৰেজৰ সুবিধা দিয়া হয়৷
এই যোজনাৰ বাবে আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৫৯ বছৰৰ ভিতৰত হ’ব হবেলাগিব৷ আবেদনকাৰী পৰিয়ালৰ মুৰব্বী হ’ব লাগিব৷ ইয়াৰ উপৰি পৰিয়ালৰ বাবে তেওঁ উপাৰ্জন কৰে, দাৰিদ্র্য সীমাৰেখাৰ তলৰ হ’ব লাগিব বা দাৰিদ্র্য সীমাৰেখাৰ ওপৰৰ সদস্য যি চহৰত থাকে কিন্তু চহৰৰ পৰিচয় পত্র দিয়া হোৱা নাই আৰু গ্রামীণ এলেকাতো তেওঁলোকৰ যাতে মাটি নাথাকে৷
যোজনাৰ বাবে আবেদনকাৰীয়ে ৰেচন কার্ড, জন্মৰ প্ৰমাণ পত্র, ভোটাৰ আইডি, আধাৰ কার্ড জমা দিব লাগিব৷এলআইচি ৱেবছাইট অনুযায়ী, বীমা সুৰক্ষাৰ সময়কালত পলিচি হ’ল্ডাৰৰ স্বাভাবিকভাৱে মৃত্যু হ’লে নমিনিয়ে ৩০০০০ টকা পাব৷ মৃত্যু দুর্ঘটনাৰ কাৰণে হ’লে নমিনিয়ে ৭৫০০০ টকা পাব৷ আংশিক বিকলাঙ্গতাৰ বাবে পাব ৩৭৫০০ টকা৷ ৩০০০০ টকার বীমাৰ বাবে প্রতি বছৰে ২০০ টকা প্রিমিয়াম জমা দিবা লাগিব৷











