ASSAM TIMES POST
নিউজ ডেক্স:
এইবাৰ ভাৰতৰ ভূখণ্ডত চকু পৰিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ৷ যিহেতু নেপাল চৰকাৰে বুধবাৰে দেশৰ এখন নতুন মানচিত্ৰ জাৰি কৰিছে, য’ত ভাৰতৰ লিপুলেখ, কালাপানী, লিম্পিয়াধুৰা নিজস্ব অঞ্চল হিচাপে দেখুৱাইছে৷
এই মানচিত্ৰখন ভূমি ব্যৱস্থাপনা, সমবায় আৰু দৰিদ্ৰ বিমোচন মন্ত্ৰালয়ে উন্মোচন কৰিছে৷ এই মাহৰ আৰম্ভণিতে নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱীয়ে সংসদৰ যৌথ অধিৱেশনত ভাষণ কালত কয় যে দেশখনৰ নতুন মানচিত্ৰ প্ৰকাশ কৰা হ’ব, য’ত সকলো অঞ্চলক দেশখনৰ নিজৰ বুলি বিবেচনা কৰা হ’ব৷
লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা অঞ্চল নেপালৰ ভূখণ্ডৰ আৰু এই অঞ্চলবোৰত পুনৰ দাবী কৰাৰ লক্ষ্যৰে কূটনৈতিক প্ৰচেষ্টা কৰা হ’ব৷ নেপালৰ সকলো অঞ্চলক অন্তৰ্ভুক্ত কৰি নেপালৰ এখন চৰকাৰী মানচিত্ৰ প্ৰকাশ কৰা হ’ব৷ এই ঘটনাৰ পাছত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কাৱয়াত্ৰাই নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ জ্ঞাৱয়ালিক কয় আৰু বিষয়টো লৈ উদ্বেগ প্ৰকাশ কৰে৷












