ASSAM TIMES POST
নিউজ ডেস্ক:
পশ্চিমবঙ্গৰ তিনি উপকূলীয় জিলাত তাণ্ডব চলাই ওৰে নিশা বাংলাদেশৰ তিনিটা অঞ্চলৰ জনজীৱন তছনছ কৰে আমফানে। অৱশ্যে প্রকৃতিৰ বৰদান সুন্দৰবনত কমি যায় ছুপাৰ চাইক্লোনৰ গতি।
ঘূর্ণিবতাহ আমফানৰ আক্ৰমণত বাংলাদেশৰ উপকূলীয় এলেকাত প্রায় ৫০ লক্ষ লোক বিপর্যস্ত হৈছে। খুলনা, বৰিশাল চট্টগ্রাম আৰু ভাৰতৰ ফালে ওডিশা আৰু পশ্চিমবঙ্গৰ উপকূলতেই ডাঙৰ তাণ্ডৱ চলাইছে আমফানে। ভাৰতত অতি কমেও ১৪ জনৰ মৃত্যু হৈছে। বাংলাদেশত মৃতকৰ সংখ্যা প্রাথমিকভাৱে ৭জন বুলি জনা গৈছে। অধিক মৃত্যুৰ আশঙ্কা কৰা হৈছে।
বৃহস্পতিবাৰ অৰ্থাৎ আজি পুৱাও উত্তাল হয় বঙ্গোপসাগৰ। ভয়াৱহ ঢৌ পাৰ ভাঙি ৰাক্ষসৰ দৰে আগুৱাই আহে। উপকূলীয় এলেকাৰ খুলনা, বৰিশালৰ অন্তর্ভুক্ত পটুৱাখালী, ভোলা, সাতক্ষীৰা, ফিৰোজপুৰ, বৰগুনাৰ জনজীৱন তথৈবচ। মহিলা, শিশুসহ বহু কেইজন লোকৰ মৃত্যু হৈছে। ভাঙি পৰিছে বহু ঘৰ।
বাংলাদেশ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে, উপকূল এৰি স্থলভূমিৰ ভিতৰলৈ সোমোৱাৰ পিছত ক্রমে শক্তি হেৰুৱাইছে আমফানে। প্রকৃতিবিদসকলে জনাইছে, সুন্দৰবনৰ বিৰাট সুন্দৰী মেনগ্রোভ অৰণ্য প্রাচীৰতেই খুন্দা খাই শক্তি হেৰুৱাইছে সামুদ্রিক ঘূর্ণি বতাহজাকে।
উল্লেখযোগ্য যে বুধবাৰে আমফানে পশ্চিমবঙ্গ হৈ অতিক্রম কৰিবলৈ আৰম্ভ কৰে। বাংলাদেশত প্ৰৱেশৰ পূৰ্বেই সাতক্ষীৰা, খুলনাৰ উপকূলত ৫ৰ পৰা ৭ ফুট ওখ ঢৌ বৈ যায়। নিশা জোৱাৰ আৰম্ভ হোৱাত ১৫ ফুট পর্যন্ত ওখ ঢৌত প্লাবিত হয় বিস্তীর্ণ এলেকা।











