ASSAM TIMES POST
আজিজুৰ ৰহমান হাজৰিকা
‘ছুপাৰ চাইক্লোন’ৰ ৰূপত অহা আমফানৰ নামকৰণ হৈছিল ১৬ বছৰ পূৰ্বেই। ২০০৪ চনত থাইলেণ্ডত নামকৰণ কৰিছিল এই ঘূৰ্ণীবতাহৰ। ঘূৰ্ণীৰ নামকৰণৰ সেয়া আছিল প্রথম পর্যায়। তাৰ পূৰ্বে নিয়ম মানি ঘূৰ্ণীৰ নামকৰণ হোৱা নাছিল বিশ্বত।
বতৰ বিজ্ঞানীসকলৰ মতে, সাধাৰণ মানুহৰ ওচৰত ঘূৰ্ণী সম্পর্কে তথ্য উপনীত কৰাবলৈ তাৰ নাম থকাটো প্ৰয়োজন। নহ’লে একে সময়তে একেই সমুদ্রত একাধিক ঘূৰ্ণী হ’লে চিহ্নিত কৰিবলৈ সমস্যা হয়। ঘূৰ্ণী গুচি গ’লেও একেই সমস্যাত পৰে বতৰ বিজ্ঞানীসকল।
আন্তর্জাতিক নিয়ম অনুসৰি, যি মহাসাগৰত ঘূর্ণীবতাহ সৃষ্টি হয়, তাৰ অৱবাহিকাত থকা দেশসমূহে তাৰ নামকৰণ কৰে। চলিত শতিকাৰ আৰম্ভণিৰ দিশে এই পদ্ধতি আৰম্ভ হয়। সমগ্ৰ পৃথিৱীত মুঠ ১১টা সংস্থাই ঘূর্ণীবতাহৰ নাম ঠিক কৰে।
অৱশ্যে কেইবা দশক পূৰ্বে এইবোৰ নিয়ম নাছিল। তেতিয়া নানা ঘটনাৰ পৰা ঘূৰ্ণীৰ নাম ঠিক হৈছিল। কোনো ঘূৰ্ণীত কোনো জাহাজ ডুবি গ’লে সেই জাহাজৰ নামটোৱে হ’ব পাৰে ঘূৰ্ণীৰ নাম। ২০০০ চনত ঘূৰ্ণীৰ নামকৰণৰ বাবে নিয়ম তৈয়াৰ কৰা হয়। তাত ৱর্ল্ড মেটেৰ’লজিকেল অর্গেনাইজেচন আৰু ইউনাইটেড নেচনছ ইকনমিক এণ্ড ছচিয়েল কমিছন ফৰ এছিয়াৰ সদস্য দেশসমূহে ঘূর্ণীবতাহৰ নামকৰণ আৰম্ভ কৰে।
ইয়াৰ ভিতৰত আছে ভাৰত, বাংলাদেশ, মালদ্বীপ, ম্যানমাৰ, ওমান, পাকিস্তান, শ্রীলঙ্কা আৰু থাইলেণ্ড। সকলো দেশৰ পৰাই ঘূৰ্ণীৰ নাম বিচৰা হয়। প্ৰতিখন দেশৰ পৰা ৮টাকৈ নাম নিৰ্বাচন কৰি মুঠ ৬৪টা ঘূৰ্ণীৰ নামকৰণ কৰা হয়। সেই তালিকাত শেষ নাম হ’ল ‘আমফান’।
২০১৮ চনত এই আঠখন দেশৰ সৈতে যোগ কৰা হয় আৰু ৭খন দেশক। মুঠ ১৩খন দেশৰ পৰা বিচৰা হয় নতুন নাম। দেশে প্ৰতি ১৩টাকৈ নাম লৈ সৃষ্টি হয় ১৬৯টা ঘূৰ্ণীৰ নামৰ তালিকা। সেই তালিকা অনুসৰি আমফানৰ পৰৱর্তী ঘূৰ্ণীৰ নাম হ’ব ‘নিস্বর্গ। এই নাম দিছে বাংলাদেশে। তাৰ পিছৰ ঘূৰ্ণীটোৰ নাম হ’ব ‘গতি’ (ভাৰত) ও তাৰ পৰৱৰ্তী ঘূৰ্ণীটোৰ নাম হ’ব নিভাৰ (ইৰান)।











