ASSAM TIMES POST
নিউজ ডেস্ক:
সমগ্ৰ বিশ্বত অব্যাহত আছে কৰোনাৰ সংহাৰ। নিতৌ বাঢ়িব ধৰিছে আক্রান্ত আৰু মৃত্যুৰ সংখ্যা। সমান্তৰালভাৱে বৃদ্ধি পাই আছে ভাৰততো আক্ৰান্তৰ সংখ্যা। দৈনিক সৃষ্টি হৈছে সংক্ৰমণৰ নতুন ৰেকৰ্ড। লগে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। ইতিমধ্যে দেশত আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰিছে।
কৰোনা সংক্ৰমণৰ সমান্তৰালভাৱে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে কোভিড-১৯ৰ প্ৰতিষেধক আৱিষ্কাৰৰ গৱেষণা। কৰোনা ভেকচিন প্ৰস্তুতৰ বাবে চিকিত্সা বিজ্ঞানীসকলে একাকাৰ কৰিছে দিন-ৰাতি। ইয়াৰ মাজতে লাভ কৰা গৈছে এক আশাৰ বতৰা। ধঁপাতৰ পৰা প্ৰস্তুত কৰা হৈছে কৰোনা প্ৰতিষেধক।
এই দাবী এক ব্ৰিটিছ-আমেৰিকান কোম্পানীৰ।বিশ্বৰ দ্বিতীয় সৰ্ববৃহত্ চিগাৰেট উৎপাদন কোম্পানী ব্ৰিটিছ আমেৰিকান টবাকোৱে দাবী কৰা মতে, তেওঁলোকে ইতিমধ্যে ধঁপাতৰ পৰা প্ৰস্তুত কৰি উলিয়াইছে কৰোনাৰ ভেকচিন। প্ৰতিষ্ঠানটোৱে সদৰী কৰা মতে, প্ৰতিষেধক প্ৰস্তুতৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিছে ধঁপাতৰ পুলি। লগত আছে কিছু কৃত্ৰিম প্ৰক্ৰিয়া।
প্ৰতিষ্ঠানটোৱে এই প্ৰক্ৰিয়াক সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰাৰ লগতে ইয়াৰ মজুতকৰণ সহজ বুলি প্ৰকাশ কৰিছে।
এই ভেকচিনৰ এটা মাত্ৰ ড’জে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই তুলিব বুলি দাবী কৰিছে প্ৰতিষ্ঠানটোৱে।জানিব পৰা মতে, প্ৰতিষ্ঠানটোৱে এই ভেকচিন প্ৰস্তুতৰ কাম এপ্ৰিল মাহৰ পৰাই আৰম্ভ কৰিছিল। ইতিমধ্যে ইয়াৰ পৰীক্ষণৰ বাবে ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন’ৰ পৰা অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে।











