ASSAM TIMES POST
নিউজ ডেস্ক:
দক্ষিণ কাশ্মীৰৰ পুলৱামাত পুনৰসন্ত্রাসবাদীৰ আক্ৰমণ। সূত্রৰ খবৰ, বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত প্রাণ হেৰুৱায় এজন আৰক্ষী বিষয়াই। গুৰুতৰভাৱে আহত হৈ হাস্পতালত ভর্তি কৰা হৈছে এজন জোৱানক। ইয়াৰ উপৰি আৰু কেইবাজনো আৰক্ষী বিষয়া আৰু জোৱান আহত হৈছে বুলি সেনা সূত্ৰত প্ৰকাশ।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, পুলৱামাত বৃহস্পতিবাৰে চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীক লক্ষ্য কৰি আক্ৰমণ চলায় সন্ত্রাসবাদীয়ে। পুলৱামাৰ প্রিচুত আজি আৰক্ষী আৰু চিআৰপিএফৰ তালাচী চকীক লক্ষ্য কৰি আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে সেনা আৰু আৰক্ষীয়ে।











