ASSAM TIMES POST
নিউজ ডেস্ক:
পাক অধিকৃত কাশ্মীৰ ভাৰতৰেই অংশ। ভুল কৰি হ’লেও স্বীকাৰ কৰিলে পাকিস্তানৰ কৰোনা ভাইৰাছ আপডেট সংক্ৰান্তীয় চৰকাৰী ৱেবছাইট www.Covid.gov.pk-এ। য’ত পাক অধিকৃত কাশ্মীৰৰ মানচিত্রক ভাৰতৰ মানচিত্রৰ সৈতে জুৰি দিয়া হৈছে বুলি দাবী কৰিছে এটি সর্বভাৰতীয় সংবাদ মাধ্যমে।
যাক পাক চৰকাৰৰ পৰোক্ষ স্বীকাৰোক্তি হিচাবে চাইছে নতুন দিল্লীয়ে। যদিও প্রাথমিকভাবে ভবা হৈছে, ভুলবশতই পাক চৰকাৰৰ চৰকাৰী ৱেবছাইটত এই মানচিত্ৰখন এনেদৰে দেখুওৱা হৈছে। পিছত তাক আঁতৰাই দিয়া হয়।যিটো ৱেবছাইটৰ কথা কোৱা হৈছে, তাত পাকিস্তানৰ বিভিন্ন এলেকাৰ কৰোনাৰ আপডেট দেখুওৱা হয়।
‘ডট’ দি পাক চৰকাৰে বুজাই দিয়ে কোন এলেকাত কি পৰিমাণৰ সংক্রমণ বিয়পিছে। সেই ৱেবছাইটৰ আন্তর্জাতিক বিভাগত ভাৰতেৰ আপডেট দেখুওৱাৰ সময়ত সম্পূৰ্ণ পাক অধিকৃত কাশ্মীৰসহ জম্মু-কাশ্মীৰ ৰাজ্যকে ভাৰতৰ অন্তর্গত হিচাবে দেখুওৱা হৈছে।
অৱশ্যে এই চৰকাৰী ৱেবছাইটত পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাবে দেখুওৱা মানেই পাকিস্তানে POK-ৰ অধিকাৰ এৰি দিলে বুলি ভবাটো ভুল হ’ব বুলি মত কূটনৈতিক মহলৰ। তেওঁলোকৰ ধাৰণা, এয়া নিশ্চিতভাৱে ভুলবশতই হৈছে।











