ASSAM TIMES POST
নিউজ ডেস্ক:
আম্ফান পৰিস্থিতি যেনেদৰে পশ্চিমবঙ্গ চৰকাৰে মোকাবিলা কৰিছে, তাৰ প্রশংসা কৰে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্র-ৰাজ্যৰ সংঘাত সত্ত্বেও মমতা বেনাৰ্জীৰ সৈতে সম্পূর্ণ সহযোগিতা কৰি আজি নৰেন্দ্র মোদীয়ে আকাশী পথেৰে পৰ্যবেক্ষণ কৰে বঙ্গৰ আম্ফান বিধ্বস্ত পৰিস্থিতি। তাৰ পিছতেই দিয়ে সাহায্য বার্তা।
ৰাজ্যখনক ১০০০ কোটি টকা সাহায্য দিয়াৰ আশ্বাস প্ৰদান কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। আজি আম্ফান বিধ্বস্ত ৰাজ্যৰ পৰিস্থিতি নিৰীক্ষণ কৰি আগতীয়া ১০০০ কোটি টকাৰ সাহায্য ঘোষণা কৰে মোদীয়ে। তেওঁ লগতে জনায়, ইয়াৰ পিছত ৰাজ্যলৈ কেন্দ্রীয় দল আহি চৰজমিনভাৱে পৰিস্থিতি অধ্যয়ন কৰিব। তাৰ পিছত কেন্দ্ৰ-ৰাজ্যই একেলগে আম্ফান পৰিস্থিতি মোকাবিলা কৰিব।











