ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাৰ প্রবল দংশনৰ মাজতে লাদাখ-চিকিম সীমান্তত প্রবল উত্তজেনা দেখা গৈছে ভাৰত আৰু চীনৰ সেনাৰ মাজত। এনেকুৱা পৰিস্থিতিতে চীনা সেনাক ৰণ প্রস্তুতিৰ হুঙ্কার দি ৰাখিছে চীনে। অন্যহাতে, ভাৰতেও প্ৰত্যুত্তৰত এডাল চুলিৰ সমান মাটি এৰিবলৈও সন্মত নহয় বুলি জনাইছে।
ভাৰতৰ বার্তা :
মূলত, লাদাখ সীমান্তত ভাৰতে এটি ৰাস্তা নির্মাণক লৈয়ে চীন-ভাৰত দ্বন্দ্ব আৰম্ভ হৈছে। যাৰবাবে চীনে লাদাখ সীমান্তত প্রচুৰ সেনা মোতায়েন কৰিছে। এনেকুৱা পৰিস্থিতিতে নিজৰ অৱস্থানৰ পৰা আঁতৰি অহা নাই ভাৰত। ভাৰতৰ স্পষ্ট কথা, ৰাস্তা নির্মাণৰ যি প্রকল্প দেশে আৰম্ভ কৰিছিল ,তাক শেষ কৰিহে এৰিব। ইয়াৰ ফলত লাদাখত উন্নয়ন চলিব।
ৰাস্তা নির্মাণ আৰু ভাৰত :
বিগত বছৰত নিৰ্মাণ কৰা ২৫৫ কিলোমিটাৰ দীর্ঘ ডাবৰুক-চিয়ক-ডিবিও ৰোড নিৰ্মাণক লৈয়েই চীনৰ মূল আপত্তি৷ এই ৰাস্তা ভাৰতৰ ভূখণ্ডত নিৰ্মাণ হৈছে। এই ৰাস্তাটি নিৰ্মাণৰ ফলত সীমান্তত ভাৰতীয় সেনাবাহিনীৰ যাতায়াত আৰু পৰ্যবেক্ষণ চলোৱাৰ ক্ষেত্রত বহু বেছি সুবিধা হৈছে৷ কিন্তু ক্ৰমাগত সংঘর্ষ আৰু চীনৰ আপত্তি সত্ত্বেও ভাৰতে এই ৰাস্তা নিৰ্মাণৰ কাম জাৰি ৰাখিব বুলি জনা গৈছে।
উচ্চ পর্যায়ৰ বৈঠক মোদীৰ :
সীমান্তত চীনৰ আস্ফালন দেখি দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চিডিএছ বিপিন ৰাৱাত, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু সেনা প্রধানসকলৰ সৈতে বৈঠকত বহে মোদী। তাতেই স্থিৰ হয় চীনক কেনেদৰে মোক্ষম উত্তৰ দিয়া হ’ব। তাৰ পিছতেই আহে এই উত্তৰ।
সূত্রৰ খবৰ অনুযায়ী, লাদাখৰ প্যাংগং লেক, গোলৱান উপত্যকা, দেমচকত চীনৰ সেনাৰ সৈতে চকুত চকু মিলাই টক্কৰ দিছে ভাৰতীয় সেনাই। আৰু মঙ্গলবাৰে গভীৰ নিশাৰ সিদ্ধান্ত অনুযায়ী, ভাৰতে কার্যত বুজাই দিছে ‘সূচাগ্র মেদিনী’ও ল’ব গ’লে সুতে-মূলে মাচুল ভৰিব লাগিব চীনে। ফলত লাদাখ সীমান্তত ভাৰতে যেনেদৰে ৰাস্তা নির্মাণ কৰিছে, তেনেদৰেই কৰি যাব।











