ASSAM TIMES POST
নিউজ ডেস্ক:
বৃহস্পতিবাৰে এক ভিডিঅ কনফাৰেন্সৰ অন্তত কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌৱাই প্রত্যেক ৰাজ্যকে কৰোনা হস্পিটেলৰ সংখ্যা, কৰোনা ৰোগীৰ বিছনাৰ সংখ্যা বঢ়াবলৈ নির্দেশ দিয়ে। তেওঁ কয়, আগন্তুক দিনত কৰোনা ৰোগীৰ সংখ্যা আৰু বাঢ়িব। হস্পিটেল, প্রশিক্ষিত চিকিৎসক আৰু নাৰ্ছসকলক সাজু ৰাখিব লাগিব।
লক্ষ্য ৰাখিব লাগিব ভেন্টিলেচন, অক্সিজেন সৰবৰাহতো। কেবিনেট সচিবৰ মতে, প্ৰব্ৰজিত শ্রমিকসকল ঘূৰি অহা আৰু লকডাউন শিথিল হোৱাৰ ফলত ৰোগীৰ সংখ্যা বাঢ়িব। ফলত আন্তঃগাঁথনি সাজু কৰি নাৰাখিলে সমস্যা বাঢ়ি যাব।











